Satra controversy: বৰপেটা সত্ৰৰ বিৰুদ্ধে অৱমাননাসূচক মন্তব্যৰ বাবে প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল - বৰপেটা সত্ৰ পৰিচালনা সমিতি
🎬 Watch Now: Feature Video
বৰপেটা, ২৮ এপ্ৰিল : আজি অৰ্থাৎ শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে ৷ এই সংবাদমেলৰ জৰিয়তে আয়োজকসকলে নগাঁও জিলাৰ পুৰণিগুদামৰ জগৰালসত্ৰৰ স্বয়ম্ভূ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ কথা প্ৰকাশ কৰে (FIR lodged against Satradhikar Prantik Goswami) ৷
জানিব পৰা মতে, বিগত ২৩ এপ্ৰিলত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰ অভিষেক সম্পৰ্কত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হৈছিল ৷ সেই সভাতে নৱগঠিত সদৌ অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰান্তিক গোস্বামীয়ে অংশ লৈ বৰপেটা সত্ৰই মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰক মালা নিৰ্মালি প্ৰদান কৰিবলৈ কোন বুলি প্ৰশ্ন তুলিছিল ৷
বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াই পূৰ্ব পৰম্পৰা মতেই মালা নিৰ্মালি প্ৰদান কৰিব লাগে ৷ পিচে সত্ৰীয়া পৰম্পৰাৰ প্ৰতি প্ৰান্তিক গোস্বামীয়ে কৰা এনে অবমাননাসূচক মন্তব্যৰ বাবে বৰপেটা সত্ৰই প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে (FIR against Prantik Goswami) ৷
মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰক লৈ চলা বিতৰ্কৰ মাজতে এইবাৰ মালা নিৰ্মালি প্ৰদানৰ প্ৰসংগকলৈ বিষয়টো আইনৰ মাজলৈ যোৱাৰ কথাই বিশেষ গুৰুত্ব বহন কৰিছে ৷
লগতে পঢ়ক : AICC GS Jitendra Singh in Guwahati; বিজেপিৰ দিনত দেশৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত আক্ৰমণ হৈছে : জীতেন্দ্ৰ সিং