FIR against bhabesh kalita: ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে নগাঁৱত গোচৰ, ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ

By

Published : Aug 16, 2023, 11:27 AM IST

thumbnail

নগাঁও, 16 আগষ্ট: দুৰ্দিন চলিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ বিগত দিনকেইটাত বিভিন্ন কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা ভৱেশ কলিতাৰ বিৰুদ্ধে এইবাৰ সাধাৰণ নাগৰিকে ৰুজু কৰিলে গোচৰ ৷ 77 সংখ্যক স্বাধীনতা দিৱসৰ দিনা ওলোটাকৈ দেশৰ জাতীয় পতাকাখন উত্তোলন কৰা ঘটনাৰ বিৰুদ্ধে গৰজি উঠি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে নগাঁৱৰ সচেতন নাগৰিকে গোচৰ তৰিলে নগাঁও আৰক্ষী থানাত ৷ 
উল্লেখ্য যে, 77 সংখ্যক স্বাধীনতা দিৱসৰ দিনা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উত্তোলন কৰিছিল ৰাষ্ট্ৰীয় পতাকা । বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ওলোটাকৈ উত্তোলন কৰা হৈছিল ৰাষ্ট্ৰীয় পতাকা । যাৰ বাবে খড়্গহস্ত হৈ পৰিছে নগাঁৱৰ দুলাল বৰা, বিৰিঞ্চি বৰা, মোলান লস্কৰকে ধৰি কেইজনো সচেতন নাগৰিক । সভাপতিগৰাকীয়ে তথা দলটোৱে ইচ্ছাকৃতভাৱে জাতীয় পতাকাক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন নাগৰিককেইজনে । 

ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰা কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে নগাঁৱৰ সচেতন নাগৰিক কেইজনে । অৱশ্যে বৰ্তমানেও গোচৰ পঞ্জীয়ন কৰা নাই বুলি আক্ষেপ সহকাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সচেতন যুৱক বিৰিঞ্চি বৰাই ৷

লগতে পঢ়ক: Nehru Memorial museum: নেহৰুৰ নাম আঁতৰাই তিনি মূৰ্তি ভৱনক দিয়া হ’ল নতুন নাম; কংগ্ৰেছৰ আক্ষেপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.