Ex NLFB in Guwahati: প্রাক্তন NLFB সদস্যক এককালীন আর্থিক সাহায্য প্রদান
🎬 Watch Now: Feature Video
Published : Oct 20, 2023, 8:53 PM IST
গুৱাহাটী ২০ অক্টোবৰ: অসম চৰকাৰৰ উদ্যোগত বড়ো ভূমিৰ সশস্ত্ৰ সংগঠন NLFBৰ প্রাক্তন সদস্যসকলক দুই লাখ টকাৰ এককালীন আর্থিক সাহায্য প্রদান কৰা হয় । কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্রমোদ বড়োৱে প্রাক্তন NLFB সদস্যসকলক পুনৰ সংস্থাপনৰ বাবে প্ৰতিজন সদস্যক দুই লাখ টকাৰ চেক প্ৰদান কৰে ।
উক্ত অনুষ্ঠানত বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্রমোদ বড়োৱে কয় যে অসমখন এতিয়া ১০০ শতাংশ শান্তিৰ পথত আগবাঢ়ি আছে । অপৰাধ নিয়ন্ত্ৰণৰ সমান্তৰালকৈ সামাজিক স্থিৰতা আনিবলৈ অসম আৰক্ষীয়ে চেষ্টা চলাই আছে । NLFBৰ প্ৰাক্তন সদস্য সকলৰ গোচৰ নিস্পত্তি বাবে চেষ্টা চলাই আছে বুলি উল্লেখ কৰি কয় যে যিসকল জেলত আছে তেওঁলোকক পৰ্যায়ক্ৰমে মুকলি কৰি হ'ব । কাৰণ দেশত এখন আইন আছে, আইন কানুন মতে সকলো হ'ব ।
তেওঁ পুনৰ কয়, "এতিয়া বন্দুক লোৱাৰ সময় নাই । বন্দুক লৈ ভাৰতক হৰুৱাম ,অসম আৰক্ষীক হৰুৱাম সেয়া এতিয়া সম্ভৱ নহয় ৷ বন্দুক যদি ল'বলৈ মন আছে তেতিয়াহ'লে অসম আৰক্ষী, আৰ্মীত যোগদান কৰক । আগৰ চৰকাৰে সূটা কম্বল বিতৰণ কৰি কোটি কোটি টকা খালে । আমি এক টকাটো দুই টকা কেনকৈ কৰিব পাৰো, কেনেকৈ স্বাৱলম্বী কৰো ইয়াকে লৈহে অহৰহ চেষ্টা চলাই আছো ।"
উল্লেখযোগ্য যে যোৱা ২০২০ৰ ২ ফেব্ৰুৱাৰীত NDFB বি বাঠা আৰু বি বখোৰ নেতৃত্বত NLFB সংগঠনটো গঠিত হৈছিল । সংগঠনটোৰ লক্ষ্য আৰু উদেশ্য আছিল বড়োসকলৰ অধিকাৰ সংৰক্ষণ আৰু বড়োভূমি গঠন কৰা । যোৱা ২০২১ৰ ২২ জুলাইত সংগঠনটোৰ মুখ্য নেতা বি বাথা আৰু বি বখোকে ধৰি আন ২১ জন NLFB সদস্যই আত্মসমর্পণ কৰে । পৰ্যায়ক্রমে সংগঠনটোৰ আন ১৪১ জন সদস্যই বিভাগীয় কর্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে । বৰ্তমানলৈকে সংগঠনটোৰ সৰ্বমুঠ ১৬৪ জন সদস্যই আত্মসমৰ্পণ কৰিছে ।
উক্ত অনুস্থানত বিশেষ আৰক্ষী সঞ্চালক প্রধান (বিশেষ শাখা) হীৰেণ চন্দ্র নাথে অনুষ্ঠানটোৰ আদৰণি ভাষণ আগবঢ়ায় । এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্রধান জি পি সিং, অতিৰিক্ত মুখ্য সচিব ড৹ ৰবি কটাৰৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়বীয়াসকল ।
লগতে পঢ়ক:Durga Puja in Guwahati: দুৰ্গা পূজা উপলক্ষে সাল-সলনি মহানগৰীৰ ৰাজপথৰ পথ নিৰ্দেশনা