Football tournament at Jamuguri : জামুগুৰি চাপৰিত ফুটবলৰ জ্বৰ - prize money football tournament at Jamuguri

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 12, 2022, 6:37 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

এফালে কাটাৰত ফুটবলৰ মহাৰণ, আনফালে জাঁজী জামুগুৰি চাপৰিত ফুটবলৰ তীব্ৰ জ্বৰ ৷ দেওবাৰে জামুগুৰি ক'চিং চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত স্বৰ্গীয় ডিম্বেশ্বৰ খাউণ্ড, স্বৰ্গীয় দুৰ্গা প্ৰসাদ বৰুৱা আৰু ঋতুৰাজ গগৈ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হয় ( Final match of prize money football tournament) ৷ আছাম ৰেঞ্জাৰছ আৰু স্পৰ্টছ ভেলীৰ মাজত এই চূড়ান্ত খেলখন অনুষ্ঠিত হয় ৷ এই উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলেই খেলৰ দ্বিতীয়াৰ্দ্ধলৈ গ'ল দিব নোৱাৰাত ট্ৰাই বেকাৰৰ সহায় ল'বলগীয়া হয় ৷ ট্ৰাই বেকাৰত স্পৰ্টছ ভেলীয়ে আছাম ৰেঞ্জাৰছক ৫-৪ গ'লত পৰাস্ত কৰে ৷ ফাইনেল খেলৰ উদ্বোধন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Mariyani MLA Rupjyoti Kurmi)। এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, চলচ্চিত্ৰ পৰিচালক জোনমণি দেৱী খাউণ্ডক (Advocate Junmoni Devi Khaound) জামুগুৰি ক'চিং চেন্টাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.