Barveti Than in Jorhat: দুদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক বৰভেটি থানত ন-লগোৱা উৎসৱৰ আয়োজন - ঐতিহাসিক বৰভেটি থানত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:11 PM IST

যোৰহাট, 15 নৱেম্বৰ : প্ৰতি বছৰৰ দৰে এইবাৰো যোৰহাটৰ মালৌ পথাৰত অৱস্থিত ঐতিহাসিক বৰভেটি থানত ন-লগোৱা উৎসৱ অনুষ্ঠিত হ’ব ৷ 25 আৰু 26 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই ন-লগোৱা উৎসৱৰ আয়োজন কৰা হ’ব । উক্ত অনুষ্ঠানৰ সন্দৰ্ভত বৰভেটি উন্নয়ন সমিতিৰ বিষয়ববীয়াই এক সংবাদমেলৰ আয়োজন কৰে ৷

বুধবাৰে আয়োজন কৰা সংবাদমেলত বৰভেটি উন্নয়ন সমিতিৰ অধ্যক্ষ পূৰ্ণকান্ত বৰাই কয় যে, 100 জনীয়া মূল সমিতিৰ লগতে আন 15 খন উপ-সমিতিৰ সহযোগত এই উৎসৱ উদযাপন কৰা হ’ব । দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা কাৰ্যসূচীত ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ ক’ভিডৰ পাচত এইবাৰ আয়োজন কৰা মহোৎসৱত ভক্তৰ ভীৰ দেখা যাব বুলি উল্লেখ কৰে বৰাই ৷

তেওঁ কয়, ‘‘ভক্ত আদৰিবলৈ আমি সাজু হৈছো ৷ সেয়ে স্থানীয় ৰাইজৰ লগতে ভক্তৰ সহযোগিতাৰ প্ৰয়োজন আছে ৷’’ আনহাতে ন-লগোৱা উৎসৱৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, স্মৃতি তৰ্পন, ন-লগোৱ উৎসৱ, গায়ন-বায়ন, ভাগৱত আবৃত্তি, স্মৃতি গ্ৰন্থ মুকলিকে ধৰি বহু কাৰ্যসূচীৰে আয়োজন কৰা হ’ব বুলি উল্লেখ কৰে বৰভেটি উন্নয়ন সমিতিৰ বিষয়ববীয়াই ।

লগতে পঢ়ক:New born baby recovers: জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট ঘটনা, শিশু দিৱসৰ দিনাই পিটনিত উদ্ধাৰ নৱজাতক 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.