কলগাছিয়াত সাৰৰ নাটনি; মূল্যবৃদ্ধিয়ে ৰাজহাঁড় ভাঙিছে সাধাৰণ কৃষকৰ

🎬 Watch Now: Feature Video

thumbnail

জনিয়া, 2 ডিচেম্বৰ : কলগাছিয়াত কৃষকৰ মাজত হাহাকাৰ । মাকৈ খেতিৰ লগতে পাচলি খেতি কৰি বিপদত পৰিছে এতিয়া কৃষক । কিয়নো বৰপেটা জিলাৰ বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন অঞ্চলত নাটনি হৈছে ৰাসায়নিক সাৰৰ ৷ সেয়ে কলগাছিয়াত সাৰৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ কৃষকক ।

ডি এ পি সাৰৰ অভাৱত মাকৈ, সৰিয়হ, পাচলি আদি কৰি বিভিন্ন খেতিত দিব পৰা নাই সাৰ । জিলাখনৰ কলগাছিয়া, দাৱনদিয়া, বালিকুৰি, গুনিয়ালগুৰি, বালাৰপাথাৰ, টাপাজুলি পাথাৰ, সোনাপুৰ, ৰুভী, মজিদভিটা, মইনবড়ী আদি অঞ্চলৰ খেতিয়কে ডি এ পি সাৰৰ নাটনিৰ বাবে মাকৈ খেতি কৰাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । সাৰৰ নাটনিৰ ফলত কৃষকসকলে বেছি দামত সাৰ ক্ৰয় কৰিবলগীয়া হৈছে ।

ইপিনে অনুজ্ঞাপত্ৰ থকা পাইকাৰী বিক্ৰেতাসকলেও ডি এ পি সাৰৰ নাটনিৰ সুযোগ গ্ৰহণ কৰি দাম বৃদ্ধি কৰিছে । অত্যধিক মূল্যত সাৰ ক্ৰয় কৰিব নোৱাৰাত বিপদত পৰিছে দুখীয়া কৃষকে । সেয়েহে এই বৃহৎ অঞ্চলৰ খেতিয়কসকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পৰ্যাপ্ত পৰিমাণৰ সাৰৰ যোগান ধৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : বিৰোধী ঐক্য মঞ্চৰ নেতাই উচটনিমূলক কথা ক'ব পাৰে, ৰাইজক একো দিব নোৱাৰে : কামাখ্যা প্ৰসাদ তাছা

Last Updated : Dec 2, 2023, 4:15 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.