সোৱণশিৰিৰ বুকুত আৱদ্ধ ফেৰী
🎬 Watch Now: Feature Video
মাজুলী, ৯ ডিচেম্বৰ : সোৱণশিৰিৰ বুকুত অঘটন । সোৱণশিৰিৰ বালিত আৱদ্ধ হৈ পৰিল যাত্ৰীবাহি ফেৰী । মাজুলীৰ পৰা লখিমপুৰলৈ গৈ থকা অৱস্থাত মাজুলীৰ চেনীমৰা ঘাটত সংঘটিত হয় এই ঘটনাটো । সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবেই এই ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে । জানিব পৰা মতে, মাজুলীৰ সাংবাদিকৰ দলো আৱদ্ধ হৈ পৰে ফেৰীখনত ।
তথ্য অনুসৰি, প্ৰায় ১ ঘন্টা ধৰি আৱদ্ধ হৈ থাকে ফেৰীখন । ফেৰীখনৰ কৰ্মচাৰীসকলে ফেৰীখন আৱদ্ধ হৈ থকা স্থানৰ পৰা উদ্ধাৰ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । যদিহে এনেদৰে নদীৰ পানী শুকাই থাকে তেন্তে অনাগত দিনত ফেৰী চলাচল কৰাত আৰু অসুবিধা হ’ব বুলি শংকা প্ৰকাশ কৰিছে যাত্ৰীসকলে ।
লগতে পঢ়ক : জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক