ETV Bharat / sports

ক্ৰিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড; বৃহৎ প্ৰতিযোগিতা বাতিল - FIRE IN TEAM HOTEL IN PAKISTAN

চেম্পিয়নছ ট্ৰফী 2025 ৰ আয়োজকৰ দায়িত্বত থকা পাকিস্তান ক্ৰিকেট ব’ৰ্ডক লৈ উত্থাপিত হৈছে বহু প্ৰশ্ন ৷ পিছে কিয় ?

FIRE IN TEAM HOTEL IN PAKISTAN
পাকিস্তান ক্ৰিকেট দল (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 19, 2024, 2:27 PM IST

স্প’ৰ্টছ ডেস্ক: নিজৰ দেশত চেম্পিয়নছ ট্ৰফী 2025 আয়োজন কৰিবলৈ সম্প্ৰতি কঠোৰ পৰিশ্ৰম কৰি আছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে । পি চি বি-ৰ এই আয়োজনৰ মাজতে একপ্ৰকাৰ বাধাৰূপে থিয় দিছে টীম ইণ্ডিয়া ৷

কিয়নো ভাৰত চৰকাৰে নিজৰ খেলুৱৈসকলৰ সুৰক্ষাৰ কথা উল্লেখ কৰি দলটোক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে । তেনেক্ষেত্ৰত পাকিস্তানে বাৰে বাৰে উচ্চ পৰ্যায়ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা বুলি দাবী কৰি আহিছে ৷

তাৰমাজতে দেশখনত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা ৷ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ 2024-25 ত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল থকা হোটেলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ সেয়ে চেম্পিয়নছ ট্ৰফী 2025 ৰ সুৰক্ষা সন্দৰ্ভত পি চি বিৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু প্ৰশ্ন ৷

হোটেলত অগ্নিকাণ্ড

পি চি বি-য়ে জাৰি কৰা এক বিবৃতি অনুসৰি পাকিস্তান ব’ৰ্ডে আকস্মিকভাৱে ঘৰুৱা মহিলা প্ৰতিযোগিতা ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ 2024-25 বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পাঁচটা দলে অংশগ্ৰহণ কৰে ।

এই দলসমূহৰ সকলো খেলুৱৈ আৰু বিষয়াৰ বাবে পি চি বিয়ে এখন হোটেলৰ এটা মহলা সম্পূৰ্ণৰূপে বুকিং কৰিছিল । কিন্তু আকস্মিকভাৱে হোটেলখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত খেলুৱৈসকল ভয়ত বিতত হৈ পৰে ৷ সেই সময়ত হোটেলখনত 5 গৰাকী খেলুৱৈ নিজৰ কোঠাত আছিল যদিও কোনোমতে বাহিৰলৈ গৈ প্ৰাণৰক্ষা কৰে ।

প্ৰতিযোগিতা বাতিল

তথ্য অনুসৰি এই ঘটনাৰ সময়ত কৰাচী ষ্টেডিয়ামত অধিকাংশ খেলুৱৈ আৰু বিষয়া উপস্থিত আছিল ৷ একাংশ খেলুৱৈয়ে মেচত অংশগ্ৰহণ কৰাৰ বিপৰীতে অন্যান্যসকলে নেট অনুশীলনত ব্যস্ত আছিল ৷

অগ্নিকাণ্ডটো সংঘটিত হোৱা সময়ত মাত্ৰ 5 গৰাকী খেলুৱৈহে হোটেলত মজুত আছিল ৷ তেওঁলোকে কোনোমতে হোটেলৰ পৰা বাহিৰলৈ গৈ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল ।

পি চি বিয়ে দাবী কৰা মতে, এই ঘটনাত কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত নহ’লেও খেলুৱৈসকলৰ সামগ্ৰীসমূহৰ বিস্তৰ ক্ষতিসাধন হয় ৷ সেয়েহে ব’ৰ্ডে তাৎক্ষণিকভাৱে প্ৰতিযোগিতাখন বাতিল কৰিবলগীয়া হয় ৷ কিয়নো বৰ্তমান কৰাচীৰ কোনো হোটেলতে উপলব্ধ নাই 100 টা খালী কোঠা ৷ যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ব’ৰ্ডে ৷

এইদৰে চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব পাকিস্তানে ?

এই অগ্নিকাণ্ডৰ পিছত পাকিস্তানে চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ ক্ষমতাক লৈ পুনৰবাৰ উত্থাপিত হৈছে প্ৰশ্ন ৷ চেম্পিয়নছ ট্ৰফীত 8 টা দলে অংশগ্ৰহণ কৰাৰ কথা আছে ৷ ইয়াৰে ভাৰতীয় দলটো পাকিস্তানলৈ নাযায় যদিও বাকী দলসমূহে তাতেই নিজৰ মেচত অংশগ্ৰহণ কৰিব ৷

প্ৰতিযোগিতাখনৰ বাবে কৰাচীকে ধৰি তিনিখন ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম চলি আছে ৷ এই সকলোবোৰৰ মাজতে আকস্মিকভাৱে ঘটা এই অগ্নিকাণ্ডৰ ঘটনাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানৰ ৰাজপথত মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.