ETV Bharat / entertainment

ধেমাজিত চলিছে নাটক... - DHEMAJI PNGB DRAMA COMPETITION

ধেমাজিত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে নাটকৰ মহাৰণ ৷ প্ৰতিদিনেই দৰ্শকে ল’বলৈ পাইছে নাটকৰ ভিন্ন স্বাদ ৷

All Assam Padmanath Gohain Baruah 47th Drama Competition in dhemaji
নাটকৰ মহাৰণ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 19, 2024, 1:51 PM IST

ধেমাজি : ধেমাজিত চলিছে নাটকৰ মহাৰণ ৷ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ উছাহ ম্লান পৰাৰ লগে লগে ধেমাজিত প্ৰাক্‌ শীতৰ সন্ধিয়া নাটকৰ মহাৰণ আৰম্ভ হৈছে ৷ উৎকণ্ঠা বাঢ়িছে ধেমাজিৰ নাট্যপ্ৰেমীৰ মাজত ৷ সদৌ অসম ভিত্তিত পদ্মনাথ গোহাঞিবৰুৱা 47 সংখ্যক নাট প্ৰতিযোগিতাৰ আৰম্ভণি হয় দেওবাৰে ৷ দেওবাৰৰ পৰা আৰম্ভ হোৱা এই নাট প্ৰতিযোগিতা মঙলবাৰলৈকে চলিব ৷ প্ৰথমদিনা শিশু নাট প্ৰতিযোগিতাত 6 খনকৈ নাটক মঞ্চস্থ কৰা হয় ৷ সোমবাৰে বিশ্বনাথ, মঙলদৈ আদি ঠাইৰ পৰা বিভিন্ন দলে 5 খন নাটক মঞ্চস্থ কৰে ৷ অন্তিম দিনা অৰ্থাৎ মঙলবাৰে 12 খনকৈ নাটক মঞ্চস্থ হোৱাৰ কথা আছে ৷

সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা 47 সংখ্যক নাট প্ৰতিযোগিতাৰ উন্মোচনী অনুষ্ঠানত আয়োজক সমিতিৰ স্মৃতিগ্ৰন্থ ‘নাট্য প্ৰজ্ঞা’ উন্মোচন কৰা হয় ৷ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই । ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত চলিছে 47 সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ মহাৰণ ৷

নাটকৰ মহাৰণ (ETV Bharat Assam)

দ্বিতীয় দিনা সন্ধিয়া অনুষ্ঠিত হোৱা মুকলি সভাত ধেমাজিৰ সমাজ জীৱনলৈ অৱদান আগবঢ়াই অহা লোকশ্ৰী বঁটা প্ৰাপক বিমলা গগৈ বৰগোহাঁই আৰু শিক্ষাবিদ পুনেশ্বৰ বৰগোহাঁইক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে AJYCP ৰ সম্পাদক ৰাতুল বৰগোহাঁই, আটাছুৰ উপ-সভাপতি মনোজ গগৈকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি ।

উল্লেখ্য যে, বিভিন্ন জিলাৰ পৰা অহা আগশাৰী নাট্যদলে উৎকৃষ্ট নাটক প্ৰদৰ্শন কৰিছে ৷ সেয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 47 সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী নাট প্ৰতিযোগিতাৰ উদযাপন সমিতিয়ে নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ৷

লগতে পঢ়ক : 'ৰামায়ণ'ৰ ৰাম-সীতাৰ উপস্থিতিৰে নলবাৰী ৰাসৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.