ETV Bharat / politics

২০২৬ ত নিৰ্বাচন খেলিব সত্যব্ৰত কলিতাই; কমলপুৰ আসন এৰিবলৈ ক’লে বিজেপিক - AGP LEADER SATRABRAT KALITA

মিত্ৰদল বিজেপিৰ ভূমিকাত অসন্তুষ্ট অগপৰ জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতা । ২০২৬ চনত কমলপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ ঘোষণা ।

AGP leader Satrabrat Kalita
বিজেপিৰ ভূমিকাত অসন্তুষ্ট অগপ নেতা সত্যব্ৰত কলিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 2:15 PM IST

বাইহাটা: মিত্ৰদল বিজেপিৰ ভূমিকাক লৈ সন্তুষ্ট নহয় অগপৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা । ৰাজ্যৰ ৰাজনীতিত শেহতীয়াভাৱে খলকনিৰ সৃষ্টি কৰিছে জ্যেষ্ঠ অগপ নেতাগৰাকীৰ নিজ দল তথা মিত্ৰদল বিজেপিৰ প্ৰতি কৰা বিষোদগাৰে ।

অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই এইবাৰ পুনৰ বিষ্ফোৰণ ঘটাইছে । দল সন্দৰ্ভত দিয়া সত্যব্ৰত কলিতাৰ মন্তব্য প্ৰসংগত অগপৰ সভাপতি অতুল বৰাক উভতি ধৰে সত্যব্ৰত কলিতাই । উল্লেখ্য যে পলাশবাৰীত সত্যব্ৰত কলিতাই দল সন্দৰ্ভত কৰা মন্তব্যক ব্যক্তিগত মন্তব্য বুলি আখ্যা দিছিল সভাপতি অতুল বৰাই ।

বিজেপিৰ ভূমিকাত অসন্তুষ্ট অগপ নেতা সত্যব্ৰত কলিতা (ETV Bharat Assam)

এই সন্দৰ্ভত সত্যব্ৰত কলিতাই কয়, "অতুল বৰা ডাঙৰীয়াই কি কৈছে মই অৱশ্যে সেয়া শুনা নাই । সংবাদ মাধ্যমৰ পৰাহে গম পাইছোঁ । দলৰ প্ৰতিজন কৰ্মীৰ দল সন্দৰ্ভত মতামত আগবঢ়োৱাৰ অধিকাৰ আছে । ময়ো দলৰ ভালৰ বাবে সেই কথা কৈছোঁ । মই এগৰাকী দলৰ সাধাৰণ সম্পাদক হিচাপে সেই কথা কৈছোঁ । সেয়া মোৰ ব্যক্তিগত মন্তব্য নহয় । যদি সভাপতিয়ে ব্যক্তিগত মন্তব্য বুলি কৈছে তেন্তে মই তেওঁৰ সৈতে আলোচনা কৰিম ।"

আনহাতে, সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ কমলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰো হুংকাৰ দিয়ে । তেওঁ কয়, "কমলপুৰত কেৱল অগপয়ে নহয়, বিজেপিৰো কৰ্মীসকল অসন্তুষ্ট । বিভিন্ন আঁচনি প্ৰদানত বিসংগতি হৈছে আৰু কৰ্মীসকল অসন্তুষ্ট হৈছে । সেয়ে মোক দলীয় কৰ্মীসকলে ২০২৬ত নিৰ্বাচন খেলাৰ কথা কৈছে । মই ২০২৬ত নিৰ্বাচন খেলিম । বিজেপিয়ে আসনখন এৰি দিয়ক, যেনেদৰে আমি এইবাৰ এৰি দিছিলোঁ ।"

ইফালে জয়ন্ত মল্লবৰুৱাকো ক্ষুৰধাৰ সমালোচনা কৰে সত্যব্ৰত কলিতাই । মিত্ৰদলৰ সকলো নেতাক সন্তুষ্ট কৰা সম্ভৱ নহয় বুলি আওপকীয়াকৈ সত্যব্ৰত কলিতাকে বুজাব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, "কেৱল নেতাসকলেই নহয়, দলীয় কৰ্মীসকলো অসন্তুষ্ট । নেতাক নহয়, দলীয় কৰ্মীসকলক সন্তুষ্ট কৰক । আনকি বিজেপি কৰ্মীসকলো অসন্তুষ্ট । জয়ন্ত মল্লবৰুৱাই বিজেপিৰ কৰ্মীৰ ক্ষোভ নিবাৰণ কৰক ।"

কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক সত্যব্রত কলিতাই লগতে কয়, "বৰ্তমান সৰ্বভাৰতীয় পৰ্যায়ত আঞ্চলিক দলৰ প্ৰাসংগিকতা অতিকৈ গুৰুত্বপূৰ্ণ । ভাৰতৰ বিভিন্ন ৰাজ্যত এতিয়া আঞ্চলিক দলে প্ৰভুত্ব বিস্তাৰ কৰি আহিছে । বিশেষকৈ কেন্দ্ৰত যদি চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে সৰ্মথন উঠাই লয় তেতিয়াহ'লে চৰকাৰৰ পতন হ'ব ।

লগতে তেওঁ কয় যে বৰ্তমান সময়ত অসমত অগপ-বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ থকাৰ পিছতো আজি অগপৰ দলীয় কৰ্মীসকল অৱহেলিত ।

লগতে পঢ়ক :অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব ! ৰাইজৰ দল-অজাপ একত্ৰিত হোৱাত বাধা ক'ত ?
লগতে পঢ়ক :খং-অভিমান সামৰি পুনৰ কংগ্ৰেছৰে মিত্ৰতা কৰিব নেকি অসম জাতীয় পৰিষদে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.