UPSC result 2023: UPSC ত স্থানপ্ৰাপ্তক জোনাইত ৫ মিচিং সংগঠনৰ সম্বৰ্ধনা - Felicitation to UPSC ranked holder
🎬 Watch Now: Feature Video
জোনাই, ১২ জুন: সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত জোনাইৰ সন্তান ভিনচেন্ট ভাইফেইৰ সফলতা অৰ্জন কৰাত শনিবাৰে জোনাইত টিএমপিকে (Felicitation programme of TMPK in Jonai) জোনাই জিলা সমিতিৰ উদ্যাগত আৰু ৫ মিচিং জাতীয় সংগঠনৰ সহযোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Felicitation to UPSC ranked holder)। জোনাইৰ চিৰকি নাঃনৗ কমপ্লেক্সত তেওঁক সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে, জোনাইৰ এটা দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ ভিনচেন্ট ভাইফেইয়ে সদ্যঘোষিত সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৬১৯ স্থান লাভ কৰি জোনাইলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে পৰিচালনা কৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত ভিনচেন্ট ভাইফেই আৰু তেওঁৰ পিতৃ খোপলাল ভিনচেন্ট ভাইফেইক সম্বৰ্ধনা জনাই মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকে (EM of Missing Autonomous Council)৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকৰ লগতে উপস্থিত থাকে টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী গীতাঞ্জলি পাতিৰ, টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তুষাৰ ঙাতে, জোনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং,সম্পাদক মিগম দলেৰ লগতে কেইবাগৰাকী মিচিং জাতীয় সংগঠনৰ নেতা, শিক্ষক আদি ৷
লগতে পঢ়ক:বিশ্বজিৎ দৈমাৰীক ঘৰৰ AC খুলিবলৈ তথা অশোক সিংহক পদত্যাগ কৰিবলৈ দাবী সাংসদ খালেকৰ