শংকৰদেৱ কলাক্ষেত্ৰত সংযুক্ত মুক্তি বাহিনী অসমৰ সম্বৰ্ধনা অনুষ্ঠান - ULFA Cadre
🎬 Watch Now: Feature Video


Published : Dec 31, 2023, 7:09 PM IST
গুৱাহাটী, 31 ডিচেম্বৰ : গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সংযুক্ত মুক্তি বাহিনী অসমৰ সম্বৰ্ধনা অনুষ্ঠান ৷ চাৰি দশকৰো অধিক কালজুৰি চলা দীঘলীয়া সংগ্ৰামখনত অৰিহণা যোগোৱা বিশিষ্ট নাগৰিক আৰু জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ সম্বৰ্ধনা সভাৰ আয়োজন কৰে সংযুক্ত মুক্তি বাহিনী অসমে ৷ এই অনুষ্ঠানত বিশিষ্ট নাগৰিক আৰু জাতীয়-জনগোষ্ঠীয় সংগঠনক সম্বৰ্ধনা জনায় সংগঠনটোৰ নেতৃত্বই ৷
অনুষ্ঠানত সংযুক্ত মুক্তি বাহিনী অসমৰ সভাপতি অৰবিন্দ ৰাজখোৱাই আদৰণি ভাষণত কয় যে, ভাৰত যুক্তৰাষ্ট্ৰৰ নেতৃত্বই, শাসক শ্ৰেণীটোৱে অসমৰ নতুন প্ৰজন্মই যদি বন্দুক ধৰিবলৈ জংঘলৈ যোৱাতো নিবিচাৰে তেন্ত অসমৰ খিলঞ্জীয়া জনসমাজে শাসন ব্যৱস্থাত অংশ লোৱাৰ অধিকাৰ সঠিকভাৱে হ'ব লাগিব ৷ অৰ্থনৈতিক উন্নয়নৰ সুস্থ পৰিৱেশ লাগিব ৷ সুস্থ গণতন্ত্ৰৰ সঠিক বাতাবৰণ অত্যন্ত জৰুৰী ৷ অন্যথা ৰাজনৈতিক অধিকাৰ প্ৰহসন হ'ব বুলি কয় তেওঁ ৷
লগতে পঢ়ক : Year Ender-2023 : ২০২৩ৰ শীৰ্ষ ৰাজনৈতিক বিতৰ্কৰ এচেৰেঙা