Caterpillar terror: বিছাৰ বাবে না ভাত না পানী অৱস্থা মাণিকপুৰবাসীৰ - Caterpillar terror
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-07-2023/640-480-19135124-thumbnail-16x9-manik-aspera.jpg)
মাণিকপুৰ,৩০ জুলাই : বঙাইগাঁও জিলাৰ বৃহত্তৰ মাণিকপুৰ অঞ্চলত এতিয়া বিছাৰ সন্ত্ৰাস । মৰাপাটৰ খেতি, ধাননি পথাৰত বিছাৰ সন্ত্ৰাসৰ বাবে কৃষক সকলে মূৰে কপালে হাত দিবলগীয়া হৈছে । ধান আৰু মৰাপাটৰ পাত খাই তহিলং কৰাৰ পিছত এইবাৰ পথাৰৰ পৰা আহি ঘৰে ঘৰে সোমাইছে ৰঙা বিছা । আনকি দমকল, বিছনা, চকী, মেজ আদি সকলোতে বিছাৰ উপদ্ৰৱ ।
এতিয়া বিছাৰ বাবে আঁঠুৱাৰ ভিতৰত সোমাই থাকিব লগা হৈছে মানুহে । কি খোৱা পানী, কি গা ধোৱা পানী সকলোতেই বিছা । থাকিবলৈ, বহিবলৈ যেন ঠাই নোহোৱা হৈ পৰিছে । সকলোতে বিছাৰ উপদ্ৰৱ । বিশেষকৈ কৃষি প্ৰধান অঞ্চল সমূহত সৰ্ব সাধাৰণ ৰাইজৰ টোপনি নোহোৱা হৈছে বিছাৰ সন্ত্ৰাসৰ বাবে । গৰম যিমানেই বাঢ়িছে বিছাৰ উপদ্ৰৱ সিমানেই বৃদ্ধি পাইছে । বিশেষকৈ বঙাইগাঁও জিলাৰ চৰ অঞ্চলত এই বিছাৰ সন্ত্ৰাস বেছি দেখিবলৈ পোৱা গৈছে ।
স্থানীয় ৰাইজে উল্লেখ কৰা মতে প্ৰত্যক বছৰে শাওণ মাহত এই বিছাৰ উপদ্ৰৱ হয় । যিবোৰ অঞ্চলত মৰাপাটৰ খেতি বেছি পৰিমানে কৰে আৰু বানপানী সঘনাই হৈ থাকে সেই অঞ্চল সমূহত বেছিকৈ উৎপাত হয় বুলি ৰাইজে কয় । এই ক্ষেত্ৰত জিলা কৃষি বিভাগক এপদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।
TAGGED:
Caterpillar terror