thumbnail

By

Published : May 13, 2023, 6:57 PM IST

Updated : May 13, 2023, 8:09 PM IST

ETV Bharat / Videos

Phat Bihu Celebration: চাৰিকড়ীয়া নদীৰ পাৰত ফাট বিহু উদযাপন

ধেমাজি,১৩ মে': উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘূলি চাপৰিৰ বাকৰি ৷ কাৰণ শুকুৰবাৰৰে পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত ফাট বিহু (Fat Bihu Celebration in Dhakuakhana) ৷ পৰম্পৰাগত অসমীয়া পোচাক পৰিধান কৰি বোৱাৰী, জীয়াৰী, নাচনী-বিহুৱা দলসমূহে অংশগ্ৰহণৰ বাবে সমবেত হৈছে ম’হঘূলি চাপৰিত ৷  

আহোম ৰজা দিনাৰে পৰা আৰম্ভ হোৱা এই ফাট বিহুক লৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ঢকুৱাখনাত (Fat Bihu Celebration) ৷ ফাট বিহুৰ উপলক্ষে প্ৰথম দিনা বিভিন্ন জেং বিহুৰ দলসমূহে অংশগ্ৰহণ কৰে ৷ দ্বিতীয় দিনা বিভিন্ন হুঁচৰি দলসমূহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ অন্তিম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে সামৰণি পৰিব ঐতিহাসিক ফাটবিহুৰ (Historic Fat Bihu in Assam) ৷ ইয়াৰ বাবে ম’হঘূলি চাপৰিৰ বাকৰিত প্ৰথম দিনাৰে পৰা গছৰ তলে তলে বিহু পৰিৱেশন কৰাৰ লগতে মঞ্চতো বিহু পৰিৱেশন কৰা হয় । 

লগতে পঢ়ক: Aniruddha Dev birth anniversary: টীয়কত ৪৭১ সংখ্যক অনিৰুদ্ধ দেৱৰ জন্ম জয়ন্তী উদযাপন

Last Updated : May 13, 2023, 8:09 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.