খুমটাইৰ বুঢ়ালিকচন গাঁৱত কৃষক মেলা আৰম্ভ - বিধায়ক মৃণাল শইকীয়া

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:50 PM IST

গোলাঘাট, ৫ ডিচেম্বৰ : গ্ৰামাঞ্চলৰ কৃষক সকলক উৎসাহিত কৰিবলৈ গোলাঘাট জিলাৰ খুমটাইৰ বুঢ়ালিকচনত কৃষক মেলা আৰম্ভ ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ বুঢ়ালিকচন কুঁহিয়াৰ, ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰত অনুষ্ঠিত কৃষক মেলা উদ্বোধন কৰে বিধায়ক মৃণাল শইকীয়াই ৷ কৃষক মেলাত প্ৰদৰ্শিত হ'ল বিভিন্ন কৃষিৰ ন ন উদ্ভাৱিত কৌশল ৷

কৃষি বিভাগৰ লগতে অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ  ২৭খন বিপনীয়ে কৃষিমেলাখনত অংশগ্ৰহণ কৰিছে ৷ বিধায়ক মৃণাল শইকীয়াইও কৃষকমেলাত ক্ৰয় কৰিলে বিভিন্ন সামগ্ৰী ৷ কৃষকমেলাৰ জৰিয়তে খুমটাইৰ গ্ৰামাঞ্চলৰ কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিবলৈ আকৃষ্ট হ'ব বুলিও আশা প্ৰকাশ কৰিছে বিধায়ক মৃণাল শইকীয়াই ৷

দুহাজাৰ কৃষকৰ লগতে বহুসংখ্যক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰা কৃষকমেলাখনত কৃষকমেলাখনত প্ৰদৰ্শিত হ'ল বহুসংখ্যক নতুন উদ্ভাৱন ৷ কৃষি বিশ্ববিদ্যালয়ত উদ্ভাৱিত বিভিন্ন কৃষি কৌশলৰ লগতে কুঁহিয়াৰৰ উন্নত জাত আৰু উৎপাদনৰ নতুন পদ্ধতিৰ বিষয়েও আলোকপাত কৰা হয় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত সদলবলে সদ্য আছুত্যাগী নেতা দিব্যজ্যোতি মেধি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.