Drought situation in Dhemaji: পানীৰ অভাৱত ঠায়ে ঠায়ে শুকাইছে পথাৰ - Drought situation in Dhemaji

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 5, 2023, 2:32 PM IST

ধেমাজি, ৫ জুলাই: ধেমাজিত আহাৰ মহীয়া পথাৰত ব্যস্ততা বাঢ়িছে কৃষক ৰোৱনীৰ। বাৰিষা বতৰৰ আহাৰ শাওণেই হৈছে কৃষকৰ অতিকৈ গুৰুত্বপূৰ্ণ মাহ ৷ এই দুটা মাহতেই কৃষকে কপালৰ ঘাম মাটিত পেলাই পথাৰখন সেউজীয়া কৰাৰ সপোন দেখে ৷ এই সময়ছোৱাত ৰ’দ কিম্বা বৰষুণো গাত নালাগে কৃষকৰ । বিভিন্ন প্ৰান্তৰ পথাৰৰ দৰে ধেমাজি কাইটং অঞ্চলতো কৃষক-ৰোৱনী ব্যস্ত হৈ পৰিছে ৷ পথাৰে পথাৰে বাঢ়িছে বিৰামহীন ব্যস্ততা ৷

গৰুৰে মাটি চহ কৰি মৈ দিয়াৰ লগতে ৰোৱনীয়ে লাহী হাতেৰে বুলাই গৈছে কঠিয়া ৷ অৱশ্যে পানীৰ অভাৱত অঞ্চলটোৰ বহু খেতিয়কে কৰিব পৰা নাই খেতি ৷ কোনো কোনোৱে নদী পানী যোগান ধৰি খেতিত নামিছে ৷ কৃষকে নদীৰ পৰা মেচিনেৰে পানী যোগান ধৰিয়েই কৃষি কাৰ্য কৰিছে ৷ চৰকাৰৰ সংশ্লিষ্ট বিভাগক চহা খেতিয়কৰ বাবে সঠিক পথাৰ চিনাক্ত কৰি জলসিঞ্চনৰ আঁচনি নিদিষ্ট ঠাইত ৰূপায়ণ কৰিবলৈ দাবী জনাইছে ৷  

লগতে পঢ়ক:HIV Scenario in Tinsukia: অবাধ গতিত চলা নিষিদ্ধ ড্ৰাগছৰ ফলত তিনিচুকীয়াত‌ মাৰাত্মক HIV য়ে লৈছে ভয়ংকৰ ৰূপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.