মৰাপাটৰ উচিত মূল্য নাপায় চকুলো টুকিছে চামগুৰিৰ কৃষকে
🎬 Watch Now: Feature Video
নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন ঠাইত মৰাপাট খেতি কৰা খেতিয়কসকলৰ দুৰৱস্থা(Farmer deprived to get proper rate of jute) । চামগুৰিৰ মৰাপাট খেতিয়কসকলে পাবলৈ সক্ষম হোৱা নাই উচিত মূল্য ৷ আনকি চৰকাৰৰ পৰা ঋণ পাবলৈও সক্ষম হোৱা নাই খেতিয়কসকল । চামগুৰিৰ বিজয় ঘোষ নামৰ এগৰাকী মৰাপাট খেতিয়কৰ পৰা জানিবলৈ দিয়া অনুসৰি উচিত মূল্যত সামগ্ৰীখিনি বিক্ৰী কৰিব পৰা হোৱা নাই বাবেই মৰাপাট খেতিয়কসকলৰ জীৱন-ধাৰণত সমস্যাই দেখা দিছে । এক মোন মৰাপাটৰ বিক্ৰী মূল্য প্ৰায় ৩০০০ টকা হয় যদিও উচিত মূল্য নোপোৱাৰ বাবে ২০০০ টকাতে বিক্ৰী কৰিবলগীয়া হৈছে মৰাপাট । উল্লেখ্য যে এইসকল ব্যৱসায়ী বিগত প্ৰায় 15 বছৰ ধৰি এই ব্যৱসায়টোৰ সৈতে জড়িত হৈ আছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST