Corruption in Dhemaji Irrigation Scheme: ধেমাজিত জলসিঞ্চন আঁচনিৰ পৰা নোলাল এটুপিও পানী

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 7:50 AM IST

thumbnail

ধেমাজি,১৫ অক্টোবৰ: ৰাজ্যৰ কৃষকৰ পথাৰত পানী যোগান উদ্দেশ্য চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগটোৱে বিভিন্ন জিলাত ৰূপায়ণ কৰি আহিছে অভিলাষী আঁচনি । অনুৰূপভাৱে ধেমাজি জিলাতো বিভাগটোৱে বিভিন্ন প্ৰান্তত পানী যোগান আঁচনি ৰূপায়ণ কৰিলে যদিও ইয়াৰ ভিতৰত ভালেকেইখনে আচঁনিয়ে বিকল বুলি জানিব পৰা গৈছে ৷ ধেমাজি সংমণ্ডলৰ অধীনৰ নগৰৰ সমীপতে থকা মাটিখোলা গাঁৱৰ বঙালমাৰী ৪নং পইন্টৰ DTW আঁচনিখন ২০১২-১৩ৰ যদিও বছৰ বছৰ ধৰি কাৰিকৰী বিসংগতিৰ ফলত স্থানীয় কৃষকে বঞ্চিত হৈ আহিছে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰাৰ পৰা ।  

সেইদৰে ধেমাজি সংমণ্ডলৰ বামগাঁও DTW point ১ আঁচনিখনৰ নলাৰ পৰাও বছৰ বছৰ ধৰি নোলাল এটুপিও পানী । যাৰ ফলত অঞ্চলটোৰ স্থানীয় কৃষকে বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকাৰ্য কৰি আহিছে । সেয়ে অকমৰ্ণ্য বিভাগটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদ । এইক্ষেত্ৰত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই কয় যে বগাহাতীলৈ পৰিণত হৈছে অসম চৰকাৰৰ বিয়াগোম বিভাগটো ৷ বিভাগটোৰ অধীনত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে ঠিকমতে দা-দৰমহা লৈ মহা আৰামত জীৱন অতিবাহিত কৰি অহাৰ বিপৰীতে পথাৰত পানীৰ অভাৱত মূৰে-কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ হৈছে কৃষকৰ ।

লগতে পঢ়ক: Dringking water crisis : বগাহাতীত পৰিণত চৰকাৰী পানী যোগান আঁচনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.