Mysterious Murder of Anju Dorji: নাতিনীয়েকৰ মৃত্যুৰ বাতৰি পাই আইতাকৰো প্ৰাণ ত্যাগ - Guwahati Police
🎬 Watch Now: Feature Video
Published : Nov 13, 2023, 7:24 PM IST
সৰুপথাৰ, 13 নৱেম্বৰ : গুৱাহাটীৰ ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ প্ৰথম মহলাত দেওবাৰে এটা কোঠাত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ ৷ ধনশিৰি মহকুমাৰ চুঙাজানৰ 5নং দ-গাঁৱৰ অঞ্জু দৰ্জী নামৰ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ইফালে অঞ্জু দৰ্জী নামৰ যুৱতী গৰাকীক হত্যাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে নিহত অঞ্জুৰ ভগ্নী অঞ্জলিয়ে ৷
জ্যেষ্ঠ ভগ্নীক অত্যাচৰ কৰাৰ লগতে মণি খানে হত্যা কৰা বুলি উল্লেখ কৰি অঞ্জলিয়ে কয়, ‘‘ অঞ্জুক বহুত অত্যাচাৰ কৰিছিল মণি খানে ৷ মণি বিবাহিত পতা আছিল ৷ কিন্তু বিয়া পতা নাই বুলি মিছাৰ আশ্ৰয় লৈছিল মণি খানে ৷ সেয়ে অঞ্জুৰ লগত একেলগে আছিল মণি ৷ যেতিয়া মণিৰ পত্নীয়ে গম পালে তেতিয়া অঞ্জু থকা ঘৰলৈ আহি কাজিয়া কৰে মহিলাগৰাকীয়ে ৷ সেই কাজিয়াৰ বাবে তাইক হত্যা কৰিলে মণি আৰু তেওঁৰ পত্নীয়ে ৷’’
ইফালে অঞ্জু দৰ্জিৰ মৃত্যুৰ খবৰ পোৱাৰ পিচতেই মৃত্যু হয় অঞ্জুৰ আইতাকৰো । সেয়ে এতিয়া শোকাকুল পৰিবেশ চুঙাজানৰ 5নং দ-গাঁৱৰ অঞ্জু দৰ্জীৰ বাসগৃহত ৷
লগতে পঢ়ক:Girl body found: নিজ কোঠাত ৰহস্যজনক মৃত্যু যুৱতীৰ; প্ৰেমিক অন্তৰ্ধান