Fake pharmacists in Assam:ভুৱা ফাৰ্মাচিষ্টে দিয়া ঔষধ সেৱন কৰি অসুস্থ শিশু,গ্ৰেপ্তাৰ এক

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:18 PM IST

thumbnail

চামগুৰি, ৪ অক্টোবৰ: ৰাজ্যত চলিছে ভুৱা ফাৰ্মাচিষ্টৰ দপদপনি । ফলত ভুল চিকিৎসাৰ বলি হ'বলগীয়া হৈছে বহুতো লোক । ইয়াৰ মাজতে জুৰীয়াৰ দগাঁৱত ভুৱা ফাৰ্মাচিষ্টে দিয়া ঔষধ সেৱন কৰি অসুস্থ হৈ পৰে এটি শিশু । ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে  ভুক্তভোগী পৰিয়ালৰ লোকে ।

উল্লেখ্য় যে জুৰীয়াৰ দগাঁৱৰ পৰমাইভেটীৰ এটা পৰিয়ালৰ কণমানি শিশুটি ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকৰ ওচৰ চাপে । শিশুটিৰ পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ক্ৰয় কৰে শ্বৰীফ উদ্দিন নামৰ এজন লোকৰ ফাৰ্মাচীৰ পৰা । কিন্তু ভুৱা ফাৰ্মাচিষ্ট শ্বৰীফে চিকিৎসকে লিখা ঔষধ নিজ ইচ্ছানুসাৰে দিয়ে ভুক্তভোগী পৰিয়ালটোক । যাৰ পৰিপ্ৰেক্ষিততে এই ঔষধ সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰে শিশুটি ।

 ইফালে, চিকিৎসকৰ পুনৰ পৰামৰ্শ লোৱাত ভুল ঔষধ সেৱনৰ ফলতেই শিশুটি অসুস্থ হৈ পৰাৰ কথা উল্লেখ কৰে । ইতিমধ্যে আৰক্ষীয়ে শ্বৰীফ উদ্দিনক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক:Koch Rajbongshi Protest : কোচ ৰাজবংশীক অপমান কৰি ৰোষত পৰিছে বিজেপি সাংসদ দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.