Fake note seized: ১০ লাখ টকাৰ জালনোটসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 12:27 PM IST

thumbnail

গুৱাহাটী, ২৯ আগষ্ট: মহানগৰীত ক্ৰমাৎ সক্ৰিয় হয় উঠিছে জালনোটৰ বেহা । সমগ্ৰ মহানগৰী ছানি ধৰিছে নকল টকাৰে । সোমবাৰে নিশা গড়চুক আৰক্ষী আৰু SOG য়ে লখৰাত অভিযান চলাই জব্দ কৰিছে ১০ লাখ টকাৰ ৫০০ টকীয়া জালনোট, লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ২০ টাকৈ বাণ্ডিল বনাই লৈ আহিছিল মোটা অংকৰ জালনোটখিনি । কিন্তু এইবাৰ পেকিং আগৰ দৰে নহয়, কিছু পৃথক বাণ্ডিল বনাই লৈ আহিছিল দুই সৰবৰাহকাৰীয়ে । 

জানিব পৰামতে নকল টকাখিনি লখিমপুৰৰ বিহপুৰীয়াৰ গোঁহাইকলনীৰ পৰা আহিছিল সৰবৰাহকাৰী দুটাই । গ্ৰেপ্তাৰ হোৱা দুই সৰবৰাহকাৰী চৰিফুল ইছলাম ওৰফে ভূঞা আৰু চাজাদুল ইছলাম আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ চৰিফুল ইছলাম ওৰফে ভূঞা, পূৰ্বেও নকল নোট সোণ সৰবৰাহৰ তালিকাত আৰক্ষীৰ হিটলিষ্টত আছিল ৷

তিনিদিন পূৰ্বে মহানগৰীৰ হাতীগাঁৱৰ এখন লজত আছিল দুই সৰবৰাহকাৰী । পিচত দুই সৰবৰাহকাৰীয়ে ৬০০ টকাত হাতীগাঁৱৰ পৰা লখৰালৈ উবেৰ ভাড়া কৰি সৰবৰাহ কৰিবলৈ লওঁতেই আৰক্ষীৰ অভিযানত ধৰা পৰে ৷ আৰক্ষীয়ে দুই সৰবৰাহকাৰীৰ পৰা মোবাইল ফোনৰ লগতে পৃথকে পৃথকে থকা ১০ খন চিমকাৰ্ড জব্দ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে সৰবৰহাকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Operation against drugs: ড্ৰাগছ আসক্তক আটক কৰি আৰক্ষীক গতালে আছুৰ সদস্যই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.