ETV Bharat / bharat

ৰাষ্ট্ৰীয় সংবিধান দিৱস: সকলো শ্ৰেণীৰ মানুহৰ মাজত সাংবিধানিক মূল্যবোধৰ প্ৰসাৰ - NATIONAL CONSTITUTION DAY 2024

1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীত ইয়াক গৃহীত কৰা হয় ৷

National Constitution Day
Indian Constitution (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 7:18 AM IST

হায়দৰাবাদ: প্ৰতিবছৰে 26 নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে পালন কৰা হয় ৷ আমি জানো যে আমাৰ দেশৰ সংবিধানখন হৈছে বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান ৷ ভাৰতীয় সংবিধান গ্ৰহণৰ স্মৃতিতেই এই দিনটো ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে পালন কৰা হয় ৷ 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীত ইয়াক গৃহীত কৰা হয় ৷ আইন আৰু ন্যায় মন্ত্ৰণালয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু সমতাবাদী কাঠামো সংজ্ঞায়িত কৰা মূল নথি হিচাপে কাম কৰে সংবিধানে ।

বোধ গয়াৰ আই আই এমে সামাজিক মাধ্যম X ত উল্লেখ কৰে- ‘‘সংবিধান দিৱস প্ৰতিবছৰে 26 নৱেম্বৰত পালন কৰা হয় ৷ যিয়ে আমাৰ দেশৰ সংবিধান গ্ৰহণৰ দিনটোক সোঁৱৰাই দিয়ে ৷ এই দিনটোৱে আমাৰ প্ৰতিষ্ঠাপক পিতৃ পুৰুষসকলৰ জ্ঞানক সন্মান জনায় ৷’’

একেদৰে, আইনী সাহায্য কেন্দ্ৰ এল ইউৱে X ত লিখা মতে, ‘‘প্ৰতি বছৰে ২৬ নৱেম্বৰত পালন কৰা ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে আইনী সাহায্য কেন্দ্ৰই সাংবিধানিক আইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ পাই ৰোমাঞ্চিত হৈ পৰিছে ।’’

ইতিহাস:

জনসাধাৰণৰ মাজত সাংবিধানিক প্ৰমূল্য প্ৰচাৰ কৰাৰ উদ্দেশ্যে সামাজিক ন্যায় আৰু কল্যাণ মন্ত্ৰণালয়ে 2015 চনৰ 19 নৱেম্বৰত ঘোষণা কৰিছিল যে চৰকাৰে 26 নৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপে পালনৰ বাবে ঠিৰাং কৰিছে ৷ এই পালনে দেশখনক পথ প্ৰদৰ্শন কৰা গণতান্ত্ৰিক নীতিৰ সোঁৱৰণী হিচাপে কাম কৰে বুলি মন্ত্ৰণালয়ে জনায় ।

আমাৰ সংবিধান আমাৰ সন্মান:

চলিত বৰ্ষৰ 24 জানুৱাৰীত ‘‘আমাৰ সংবিধান আমাৰ সন্মান’’ অভিযান আৰম্ভ কৰা হৈছিল ৷ সংবিধান সন্দৰ্ভত জনসাধাৰণৰ জ্ঞান বিকাশৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল এই কাৰ্যসূচী ৷ এই বছৰজোৰা অভিযানে সংবিধানৰ গুৰুত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছে বুলি মন্ত্ৰণালয়ে উল্লেখ কৰিছে ৷

মৌলিক অধিকাৰ:

ভাৰতৰ সংবিধানে দেশৰ প্ৰতিগৰাকী নাগৰিককে নিজৰ মৌলিক অধিকাৰ দাবী কৰাৰ ক্ষমতা প্ৰদান কৰিছে আৰু সমাজ তথা দেশৰ হকে নিজৰ মৌলিক কৰ্তব্য পালন কৰাটোও নিশ্চিত কৰিছে ৷ সংবিধানে প্ৰদান কৰা এজন নাগৰিকৰ মৌলিক অধিকাৰসমূহ হ’ল-

  1. সমতাৰ অধিকাৰ
  2. স্বাধীনতাৰ অধিকাৰ (বাক স্বাধীনতা)
  3. শোষণৰ বিৰুদ্ধে অধিকাৰ
  4. ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ
  5. সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ
  6. সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ

যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ লক্ষ্য:

এটা পদযাত্ৰা অনুষ্ঠিত কৰা হৈছিল য’ত মোৰ ভাৰত স্বেচ্ছাসেৱক, এন এছ এছ, এন চি চি, ভাৰত স্কাউট আৰু গাইড আদি বিভিন্ন সংগঠনৰ প্ৰায় দহ সহস্ৰাধিক যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰে ৷ সাংস্কৃতিক প্ৰদৰ্শন, শৈক্ষিক প্ৰদৰ্শনী আৰু মত-বিনিময়ৰ অধিবেশনে যুৱ নাগৰিকসকলৰ মাজত সাংবিধানিক মূল্যবোধৰ বুজাবুজি গভীৰ কৰিব । এই অনুষ্ঠানে বছৰজোৰা সংবিধান উদযাপনৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি প্ৰতিনিধিত্ব কৰে, য’ত বিকশিত ভাৰত ২০৪৭ ৰ বাবে সাংবিধানিক মূল্যবোধ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ ভূমিকাক গুৰুত্ব দিয়া হৈছে ।

তাৎপৰ্য:

সাংবিধানিক ধাৰণাসমূহৰ বিষয়ে নাগৰিকসকলক সজাগ কৰা, সংবিধানে প্ৰচাৰ কৰা ন্যায়, সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্ববোধৰ মূল্যবোধসমূহ বুজি পোৱা আৰু ইয়াৰ মূল নীতিসমূহ জনসাধাৰণৰ বাবে জনপ্ৰিয় কৰাই হৈছে এই দিৱসৰ তাৎপৰ্য ।

লগতে পঢ়ক: সংবিধানৰ প্ৰস্তাৱনাৰ পৰা উঠাই দিব নোৱাৰিব 'সমাজতান্ত্ৰিক'-'ধৰ্মনিৰপেক্ষ' শব্দ: উচ্চতম ন্যায়ালয়ৰ ৰায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.