Fake note racket : মহানগৰীত জালনোট চক্ৰ উৎখাত
🎬 Watch Now: Feature Video
গুৱাহাটী, ২৫ জুলাই : মহানগৰীত জাল নোটৰ চক্ৰ উৎখাত। মঙলবাৰে STF এ দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হেঙেৰাবাৰীত অভিযান চলাই জব্দ কৰে জালনোট সহ জালনোট তৈয়াৰ কৰা এটা মেচিন । লগতে আৰক্ষীয়ে দুই জালনোট প্ৰস্তুতকাৰীক গ্ৰেপ্তাৰ কৰে । মঙলবাৰে সংবাদমেল যোগে এই সদৰী কৰে STF ৰ বিষয়াই ।
সংবাদমেলখনত জনোৱা অনুসৰি, সোমবাৰে হেঙেৰাবাৰী নবোদয় পথৰ এটা ভাড়াঘৰত অভিযান চলাই অভিযানকাৰী দলটোৱে জালনোট প্ৰস্তুতকাৰী দৰং জিলাৰ ইমদাদুৰ ৰহমান আৰু ৰুবুল আলীক গ্ৰেপ্তাৰ কৰে । লগতে এটা জাল নোট তৈয়াৰ কৰা মেচিন, ৫০০ টকীয়া ২৫ খন জাল নোট, নগদ ৭০ হাজাৰ ৫ ০০ টকা আৰু ৪ টা মোবাইল জব্দ কৰে ।
বিগত এবছৰ ধৰি হেঙেৰাবাৰী এটা ভাড়াঘৰৰ পৰা জাল নোটৰ বেহা চলাইছিল দুই ধৃতই । মেঘালয়ৰ এটা চক্ৰৰে জাল নোটৰ বেহাৰ পৰিকল্পনা ৰচিছিল দুই অভিযুক্তই ৷
লগতে পঢ়ক: Golaghat tripple Murder: হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত গোলাঘাট; CID ৰ দল উপস্থিত গোলাঘাটত