পুনৰ মৰিগাঁও আৰক্ষীৰ জালত ভূৱা চিকিৎসক - Police raid against Fake doctors in Morigaon
🎬 Watch Now: Feature Video


Published : Dec 19, 2023, 8:52 PM IST
মৰিগাঁও,১৯ ডিচেম্বৰ: অপৰাধীৰ ৰম্যমভূমিলৈ পৰিণত মৰিগাঁও জিলা । চোৰ, ডকাইতৰ সমান্তৰালভাৱে জিলাখনত বৃদ্ধি পাইছে ভূৱা চিকিৎসকৰ সংখ্য়া । ইফালে ভূৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হৈছে মৰিগাঁও আৰক্ষী । জালত পৰিছে ইটোৰ পাঠত সিটোকৈ ভূৱা চিকিৎসক । পুনৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে আন এটা ভূৱা চিকিৎসকক ।
মৰিগাঁৱত পুনৰ আৰক্ষীয়ে অভিযান চলাই দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰ নামৰ এটা ভুৱা চিকিৎসকক আটক কৰে । লাহৰিঘাট খণ্ড তথা প্ৰাথমিক স্বাস্থ্য বিষয়াগৰাকীয়ে লাহৰিঘাট থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ ভিত্তিত আটক কৰে ভুৱা চিকিৎসক দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰক । দীৰ্ঘদিন ধৰি চিকিৎসকৰ বৈধ প্ৰমাণ পত্ৰ অবিহনে চিকিৎসা চলাই অহা ভুৱা চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে আটক কৰি প্ৰাৰম্ভিক পৰ্য্যায়ত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: মুগা পালকৰ চকুত চকুলো, ৰেচম বিভাগে দিবনে ক্ষতিপূৰণ ?