Rassleela preparation: সমাগত ৰাসলীলাকলৈ ব্যস্ত আমগুৰিৰ মুখাশিল্পী

By

Published : Oct 30, 2022, 10:49 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail
ৰাজ্যৰ চৌদিশে ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে(Rass Festival in Assam) । আমগুৰিৰ বিভিন্ন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে কৃষ্ণ বন্দনাৰ আধ্যাত্মিক পৰিৱেশ । শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসোৎসৱৰ এক অবিচ্ছেদ্য অংগ মুখাশিল্প । অভিনয় শিল্পীসকলৰ সমান্তৰালভাৱে মুখাশিল্পী সকলো ৰাসোৎসৱৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে । আমগুৰি জালুক গাঁৱৰ শিল্পী ভাস্কৰজ্যোতি বৰা ব্যস্ত হৈ পৰিছে মুখা প্ৰস্তুত কৰাত (Mask artists of Amguri) । ভাওনাৰ লগত ৰাসোৎসৱৰ বাবে নৰসিংহ, বৰাহ, ময়ুৰ, মৎস্য, কূৰ্ম, অজগৰকে ধৰি বিভিন্ন মুখা প্ৰস্তুত কৰি তুলিছে মুখাশিল্পীগৰাকীয়ে । নিজা গৃহতে সংগ্ৰহালয় স্থাপন কৰি যোৱা ছটা বছৰ ধৰি জড়িত হৈ আছে এই শিল্পকৰ্মৰ লগত (Rassleela preparation in Assam) । ভাস্কৰজ্যোতি বৰাই নিজৰ লগতে মুখা প্ৰস্তুত কৰাত অন্য চাৰিজন যুৱককো সংস্থাপনৰ মুখ দেখুৱাবলৈ সক্ষম হৈছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.