Exhibition Women Football:হোজাইত প্ৰদৰ্শনীমূলক মহিলা ফুটবলত বিজয়ী গুৱাহাটী

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 7:08 PM IST

thumbnail

হোজাই, ১৩ নৱেম্বৰ: হোজাই জিলাৰ নখুটি যুৱক সংঘৰ উদ্যোগত আজি এখনি প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেল অনুষ্ঠিত হয় । উক্ত খেলখন গুৱাহাটী মহিলা ফুটবল দল আৰু মৰিগাঁও মহিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হয় । উত্তেজনাপূৰ্ণ এই খেলত গুৱাহাটী মহিলা ফুটবল দলে ১-০ গ'লৰ ব্য়ৱধানত মৰিগাঁও মহিলা ফুটবল দলক পৰাস্ত কৰে ।

নখুটি যুৱক সংঘৰ সম্পাদক আজায়ুল ইছলামে কয় যে হোজাই জিলাৰ যুৱতীসকলে খেলত আগবাঢ়ি আহি অসমৰ লগতে দেশৰ ক্ৰীড়া জগতত জিলিকি উঠিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্য় আগত ৰাখিয়ে নখুটি যুৱক সংঘই নখুটি হাইস্কুলৰ খেলপথাৰত আজি প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেলখন অনুষ্ঠিত কৰা হয় । এই প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেলখন হোজাই জিলাৰ সহস্ৰাধিক দৰ্শকে উপভোগ কৰে ।

লগতে পঢ়ক:Road accident in Assam: দক্ষিণ কামৰূপৰ কুকুৰমাৰাত এম্বুলেঞ্চ-ডাম্পাৰৰ সংঘৰ্ষত আহত দুই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.