ETV Bharat / entertainment

তিতাবৰতো হ’ব চিনেমা হল; সমগ্ৰ ৰাজ্যত 50 টা চিনেমা হলৰ বাবে পুঁজি আৱন্টন চৰকাৰৰ - Cinema Halls in Assam

author img

By ETV Bharat Assamese Team

Published : 6 hours ago

Assam Govt fund for cinema halls : তিতাবৰৰ ছবিপ্ৰেমীৰ বাবে এক আশাৰ খবৰ দিলে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে ৷ সমান্তৰালকৈ অসমৰ সামগ্ৰিক ছবি জগতৰ বাবেও আছে এক ভাল খবৰ ৷ কি এই খবৰ ?

Assam Govt fund for cinema halls
ছবিগৃহৰ বাবে ৰাজ্য চৰকাৰৰ পুঁজি আৱণ্টন (ETV Bharat Assam)

যোৰহাট, ১৯ ছেপ্টেম্বৰ : অসমীয়া ছবি আহি আহি ৮৯ বছৰীয়া হ’ল ৷ তথাপি ই উদ্যোগ হিচাপে গঢ় লৈ নুঠিল ৷ ইয়াৰ কাৰণ বহুকেইটা আছে যদিও ছবিগৃহৰ অভাৱ অন্যতম এক কাৰক হিচাবে দীৰ্ঘদিনে আলোচিত হৈ আহিছে ৷ তেনে বহু প্ৰতিবন্ধকতা নেওচি শেহতীয়াকৈ বহু প্ৰযোজক একপ্ৰকাৰে মৰসাহ কৰি ওলাই আহিছে ছবি নিৰ্মাণৰ বাবে ৷

অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ (ETV Bharat Assam)

বিগত কেইটামান বছৰত কেবাখনো ব্যয়বহুল অসমীয়া ছবি মুক্তি দিয়া হয় যদিও আশাপ্ৰদকভাৱে বাণিজ্যিক সফলতা লাভ কৰা নাই ৷ সাংস্কৃতিৱান বহু অসমীয়া বঞ্চিত হৈ আহিছে ছবি উপভোগৰ পৰা ৷ ইয়াৰ কাৰণো ছবিগৃহৰ অভাৱেই ৷

ৰাজ্যৰ অতি ভিতৰুৱা অঞ্চলসমূহৰ কথা বাদ দিলেও, বিখ্যাৎ অথবা নগৰাঞ্চলৰ বহুলোকে এতিয়াও ছবিগৃহ দেখি পোৱা নাই ৷ অথচ ৮৭ বছৰৰ পূৰ্বেই জ্যোতি প্ৰসাদ আগৰৱালাৰ নিৰ্মাণ কৰিছিল জোনাকী চিনেমা হল ৷ যিখন যোৰহাটে অসমৰ সাংস্কৃতিক জগতলৈ অতীজৰে পৰা বৰঙণি আগবঢ়াই আহিছে, সেই যোৰহাটৰ তিতাবৰত নাই ছবিগৃহ ৷ পূৰ্বেতে এটা ছবিগৃহ আছিল যদিও ভিন্ন কাৰণত ১০ বছৰ পূৰ্বে সেইটো বন্ধ হৈ গ’ল ৷ তাৰ পিচৰে পৰা অসমীয়া ছবিৰ দৰ্শক হোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ আহিছে যোৰহাট ৷

কিন্তু বৃহস্পতিবাৰে এইক্ষেত্ৰত এক ভাল খবৰ লাভ কৰিলে তিতাবৰবাসীয়ে ৷ অতিশীঘ্ৰে তিতাবৰত নিৰ্মাণ কৰা হ’ব এটা ছবিগৃহ ৷ এই ভাল খবৰ দিলে অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ৷

বৃহস্পতিবাৰে তিতাবৰৰ এক চৰকাৰী অনুষ্ঠানত উপস্থিত থকা সীমান্ত শেখৰে কয়, ‘‘তিতাবৰত আমি এটা চিনেমা হলৰ ব্যৱস্থা কৰিম ৷ আমি আশা কৰিছোঁ যে এই বছৰৰ ভিতৰত কাম আৰম্ভ কৰিব পাৰিম ৷ অহা বছৰৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰ যথেষ্ট আশা আছে ৷’’

আনহাতে অসমৰ ছবিগৃহৰ বাবে ৰাজ্য চৰকাৰে পুঁজিৰ যোগান ধৰাৰ কথাও সদৰী কৰে চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে ৷ তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে 50 টা চিনেমা হলৰ বাবে পুঁজিৰ যোগান ধৰিছে ৷ সেইক্ষেত্ৰত যথেষ্টখিনি কাম আৰম্ভ হৈছে ৷ চৰকাৰৰ নিৰ্দেশত আমি অসমীয়া চলচ্ছিত্ৰৰ কাৰণে যথেষ্টখিনি ভাল কাম কৰাৰ বাবে চেষ্টা কৰি যাম ৷’’

উল্লেখ্য যে, ছবিগৃহৰ অভাৱৰ বাবেই শেহতীয়াকৈ কেবাখনো বাণিজ্যিক ছবিৰ প্ৰদৰ্শনী কৰিবলগীয়া হৈছিল অস্থায়ী স্ক্ৰীণৰ জৰিয়তে ৷ প্ৰজেক্টৰৰ জৰিয়তে ছবি প্ৰদৰ্শন কৰি প্ৰযোজকে ব্যয়ৰ বিপৰীতে আয় কৰিবলগীয়া পৰিস্থিতি হৈছিল ৷ সেই পৰিৱেশ এতিয়াও আছে ৷ তেনে সময়তে অসম চৰকাৰে ছবিগৃহৰ বাবে পুঁজি মুকলি কৰা কাৰ্য স্বাভাৱিকতে এক ইতিবাচক বাৰ্তা হিচাপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক : প্ৰতি সপ্তাহতে চিনেমা মুক্তি পোৱাটো শুভ লক্ষণ নে ? কি কয় বুলু ফিল্মৰ স্ৰষ্টাই

দৌৰ অব্যাহত আছে ‘লোকেল কুংফু 3’ ৰ

চিলনী চোৰে কেনেদৰে থপিয়াই দৰকাৰী বস্তু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.