ETV Bharat / state

হিংৰিজান চাহ বাগিচাত উত্তেজনা; বাগিচাত মিঞা শ্ৰমিক নিয়োগক লৈ পৰিচালকৰ কাৰ্যালয় ঘেৰাও - Miya Muslims controversy

author img

By ETV Bharat Assamese Team

Published : 5 hours ago

Miya Muslims controversy: মিঞা শ্ৰমিকক লৈ মৰাণৰ হিংৰিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি । হিংৰিজান চাহ বাগিচাৰ পৰিচালকে গোপনে ২৫ গৰাকী মিঞা শ্ৰমিকক কামত নিয়োজিত কৰা পাচতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । ৰাইজৰ প্ৰতিবাদৰ পাচতে এম্বুলেঞ্চত উঠি বাগিচা এৰিলে মিঞা শ্ৰমিকে ।

Tense situation prevails at Hingrijan tea garden over deployment of Miya labourers
এম্বুলেঞ্চত উঠি বাগিচা এৰিলে মিঞা শ্ৰমিকে (ETV Bharat Assam)

মৰাণ, ১৯ ছেপ্টেম্বৰ: ধিঙৰ ধৰ্ষণ কাণ্ডৰ পাচতে উজনি অসমত একত্ৰিত হৈছে জাতীয়-জনগোষ্ঠীয় দল-সংগঠনসমূহ । ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত একাংশ সংখ্যালঘু মুছলমান লোক জড়িত থকা বুলি উঠা অভিযোগৰ পাচতে মিঞা মুছলমানক উজনি অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছিল দল-সংগঠনে । আনকি ধিঙৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ পাচতে মিঞা মুছলমানক সাত দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈও হুংকাৰ প্ৰদান কৰিছিল দল-সংগঠনে ।

বাগিচা এৰিলে মিঞা শ্ৰমিকে (ETV Bharat Assam)

শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা মিঞা মুছলমানক কৰ্মক্ষেত্ৰ এৰি যাবলৈ বাধ্য কৰোৱা হৈছে । কিন্তু পুনৰ একাংশ বিভিন্ন ব্যৱসায়ীয়ে উজনি অসমলৈ গোপনে মিঞা শ্ৰমিকক অনা আৰম্ভ কৰাৰ অভিযোগ উঠিছে । ইয়াকে লৈ মৰাণৰ হিংৰিজান চাহ বাগিচাত মিঞাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । এণ্ড্ৰু য়ুল কোম্পানীৰ অধীনৰ হিংৰিজান বাগিচাত দৰমহা নিয়মিতভাৱে নোপোৱাৰ বাবে একাংশ শ্ৰমিকে বাগিচাত কাম কৰা নাছিল ।

যাৰ পৰিপ্ৰেক্ষিতত বাগিচাৰ পাত ডাঙৰ হৈ যোৱাৰ অজুহাততে বাগিচাৰ পৰিচালকে শিলিগুৰিৰ পৰা ২৫ জন মিঞা মুছলমানক আনি বৃহস্পতিবাৰে বাগিচাৰ পাত তোলা কামত লগায় । ইয়াতে খৰ্গহস্ত হৈ পৰে শ্ৰমিকসকলৰ লগতে শ্ৰমিক সংগঠনসমূহ । লগে লগে মিঞা মুছলমান খেদিবৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মিঞা শ্ৰমিকসকলৰ লগতে বাগিচাৰ পৰিচালকক ঘেৰাও কৰে স্থানীয় চাহ শ্ৰমিক আৰু দল-সংগঠনসমূহে ।

অৱশেষত চাহ শ্ৰমিক ৰাইজ আৰু দল সংগঠনৰ প্ৰতিবাদত সেও মানি বাগিচাৰ পৰিচালকে মিঞা মুছলমান লোক কেইজনক বাগিচাৰ এম্বুলেন্সেৰে পঠিয়াই দিবলৈ বাধ্য হয় । চাহ বাগিচাত মিঞা মুছলমানক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে চাহ বাগিচাৰ শ্ৰমিকৰ লগতে দল-সংগঠনে ।

লগতে পঢ়ক: মিঞা হাটাও অভিযান : চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত স্থবিৰতা - Four Lane National Highway

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ আন্দোলন - Protest in Moran

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.