ETV Bharat / state

হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতিৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ - Hoollongapar Gibbon Sanctuary - HOOLLONGAPAR GIBBON SANCTUARY

Oil mining in Gibbon Sanctuary: চৰকাৰৰ হঠকাৰী সিদ্ধান্তই বিপদ মাতিব নেকি গিবন অভয়াৰণ্যলৈ ? কেনেকৈ বেদান্ত তেল আৰু গেছ কোম্পানীয়ে পালে তেল খননৰ অনুমতি ? ক্ষোভিত প্ৰকৃতিপ্ৰেমী, ক্ষোভিত কৃষক মুক্তি সংগ্ৰাম সমিতি ।

KMSS protests against permission to mine oil and natural gas in Gibbon sanctuary
গিবনত তেল আৰু প্ৰাকৃতিক গেছ খনন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 10:13 PM IST

যোৰহাট,১৯ ছেপ্টেম্বৰ: প্ৰকৃতিৰ অনুপম সৃষ্টি হোলোঙাপাৰৰ গিবন অভয়াৰণ্য । এই গিবন অভয়াৰণ্যতে আছে দক্ষিণ এছিয়াৰ ভিতৰতে বিৰল বন মানুহ, হলৌ বান্দৰ । আছে লাজুকী বান্দৰ, সেন্দুৰীয়া বান্দৰ, বনগাহৰি, চাৰি প্ৰকাৰৰ কেৰ্কেটুৱা, হাতী, বাঘ, নাহৰফুটুকী, আন কেইবাপ্ৰকাৰৰ স্তন্যপায়ী জন্তুৰ লগতে ২১৫ প্ৰকাৰ ৰ চৰাই আৰু সৰীসৃপ । পিছে এই গিবন অভয়াৰণ্যৰ জৈৱ বৈচিত্ৰলৈ আহিছে এতিয়া এক ভাবুকি !

গিবনত তেল আৰু প্ৰাকৃতিক গেছ খনন (ETV Bharat Assam)

কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ৰ অধীনস্থ বন উপদেষ্টা পৰিষদৰ পেনেলে বেদান্ত তেল আৰু গেছ কোম্পানীক গিবন অভয়াৰণ্যৰ ৪.৪৯ হেক্টৰ ভূমিত তেল খননৰ অনুমতি প্ৰদান কৰিছে । যোৰহাট হোলোঙাপাৰাৰ গিবন অভয়াৰণ্যত বেদান্ত তৈল খনন চলোৱা বাবে ষ্টেজ ১ অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে । ফলত যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ ক্ষোভৰ উদগীৰণ আৰম্ভ হৈছে ।

গিবন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ খননে জৈৱ বৈচিত্ৰ্য প্ৰতি ভাবুকি আনিব পৰা হঠকাৰী সিদ্ধান্ত বাতিল কৰা দাবীত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মৰিয়নী থানা তিনি আলিৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি মৰিয়নী শাখাৰ সম্পাদক বিতুপন শইকীয়াই কয়, "এই গোটেই পৰিৱেশ বিনষ্ট হ'ব । ড্ৰিলিং প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বনৰীয়া হাতীবোৰ ভীতিগ্ৰস্ত হ'ব । যাৰ ফলত কাষৰীয়া অঞ্চললৈ তেওঁলোক ওলাই যাব । ঘৰ-বাৰী ভাঙিব, কৃষি নষ্ট কৰিব ।"

তেওঁ লগতে কয়, "গতিকে এনেবোৰ কথা চিন্তা নকৰাকৈ কেৱল পুঁজিপতিৰ স্বাৰ্থত এই বিজেপি চৰকাৰখনে যি হঠকাৰী সিদ্ধান্ত লৈছে, এই হঠকাৰী সিদ্ধান্ত উঠাই ল'ব লাগিব আৰু যদি উঠাই নলয় তেনেহ'লে অনাগত দিনত ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব । পুঁজিপতিক যিসকলে ৰঙা দলিচা পাৰি দিছে তেওঁলোকৰ চকু উভালি অনা হ'ব । এই কথা আমি আজি প্ৰতিবাদস্থলীৰ পৰা স্পষ্টৰূপত ঘোষণা কৰিছো ।"

লগতে পঢ়ক: সেউজী পাতৰ মাজে মাজে বৃহৎ বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ - Wild elephant Menace

গিবন অভয়াৰণ্যলৈ অশনি সংকেত; তৈলখননৰ অনুমতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - Hoollongapar Gibbon Sanctuary

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.