Executive Meeting in Mangaldoi: সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা - Executive Meeting in Mangaldoi
🎬 Watch Now: Feature Video
সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ২০২৩ বৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা দেওবাৰে মঙলদৈ সৈনিক ভৱনত অনুষ্ঠিত হয়(Executive meeting of AADAEA) । স্বাস্থ্য বীমা, শিক্ষা আৰু পেঞ্চন সম্পৰ্কে চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনাই সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই(All Assam District Administration Employees Association) । ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত থাকি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে এই কাৰ্যনিৰ্বাহক সভাত ।
সভাত উপস্থিত থাকি জিলা প্ৰশাসন সন্থাৰ সচিব জয়ন্ত ভাণ্ডাৰ কৈয়স্থই ২০২২ বৰ্ষৰ দ্বাদশ দ্বি-বাৰ্ষিক সাধাৰণ সভাৰ প্ৰস্তাৱসমুহ চৰকাৰক কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় । লগতে ২০০৩ চনতেই চৰকাৰে জিলা প্ৰশাসনৰ কৰ্মচাৰী সকলক স্বাস্থ্য বীমা আচঁনিৰ জৰিয়তে সামৰি লোৱাৰ কথা আছিল যদিও বৰ্তমানেও লোৱা হোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে ।
গতিকে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলক স্বাস্থ্য বীমা আচঁনিৰ জৰিয়তে সামৰি ল'বলৈ সন্থাই আহ্বান জনায় । অলপতে জিলা প্ৰশাসন কৰ্মচাৰী আৰু চৰকাৰৰ মাজত এক আলোচনা সম্পন্ন হৈছিল । উক্ত আলোচনাত উত্থাপিত পেঞ্চন সম্পৰ্কে স্থিতি প্ৰকাশ কৰিবলৈও চৰকাৰক আহ্বান জনায় জিলা প্ৰশাসন সন্থাৰ সচিব জয়ন্ত ভাণ্ডাৰ কৈয়স্থই ।
সচিবালয়ৰ পিছতেই উপায়ুক্তৰ কাৰ্যালয়ত কাম কৰা কৰ্মচাৰীসকলে প্ৰতিটো বিভাগৰে কাম বহুতো কষ্টৰে নিয়াৰিকৈ কৰিবলগীয়া হয় । সেইক্ষেত্ৰত সচিবগৰাকীয়ে চৰকাৰৰ ওচৰত আবেদন জনায় কয় যে তেওঁলোকৰ মাহিলী বেতনৰ উপৰিও ব্যক্তিগত ভাবে স্বাস্থ্য, শিক্ষা আৰু পেঞ্চন সম্পৰ্কে অধিক গুৰুত্ব প্ৰদান কৰিলে তেওঁলোক কিছু পৰিমাণে উপকৃত হ'ব । আন আন সকলো বিভাগতকৈয়ো উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মীসকলৰ বিষয়টো বেলেগ বুলি উল্লেখ কৰে জিলা প্ৰশাসন সন্থাৰ সচিবগৰাকীয়ে ।
উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মীসকলক দিছপুৰে সদায় বঞ্চনা কৰি অহাৰ অভিযোগো উত্থাপন কৰে সচিবগৰাকীয়ে । এনে বঞ্চনা পুনৰ নকৰিবলৈ সকিয়নী প্ৰদান কৰে সচিব কৈয়স্থই । এই সন্দৰ্ভত সন্থাই বঙাইগাঁও অধিৱেশনত বিতংভাৱে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি জিলা প্ৰশাসন সন্থাৰ সচিব জয়ন্ত ভাণ্ডাৰ কৈয়স্থই কয় যে দেওবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ শেষতো বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব ।