Jorhat Woman Market : ক'ত হ'ব অসমৰ প্ৰথমখন মহিলাৰ দ্বাৰা পৰিচালিত বজাৰ - Exclusive woman market in Jorhat
🎬 Watch Now: Feature Video

যোৰহাটত স্থাপন হ'ব ৰাজ্যৰ প্ৰথমখন মহিলাৰ দ্বাৰা পৰিচালিত বজাৰ । এই আধুনিক বজাৰখনত থাকিব কেৱল মহিলা উদ্যোগীৰ বিপণি (Exclusive woman market in Jorhat)। দেওবাৰে এই বজাৰগৃহৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় (Woman market construction started in Jorhat)।
সাংস্কৃতিক ৰাজধানী যোৰহাট জিলাৰ নগৰ এলেকাত নিৰ্মাণ কৰা হ'ব ৰাজ্যৰ প্ৰথমখন অত্যাধুনিক আৰু বিজ্ঞানসন্মত মহিলাকেন্দ্ৰিক এই বজাৰখন । প্ৰায় ২৬ কোটি টকা ব্যয় সাপেক্ষ যোৰহাটৰ এই বিশেষ বজাৰগৃহৰ নিৰ্মাণৰ কাম ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । নগৰৰ মাজমজিয়াৰ মহাত্মা গান্ধী পথৰ সমীপত দেওবাৰে বজাৰগৃহৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে । অনুষ্ঠানত পৌৰ নিগমৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।
মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে চৰকাৰে । মহিলাৰ দ্বাৰা পৰিচালিত উক্ত অত্যাধুনিক বহুমহলীয়া বজাৰগৃহত প্ৰায় ৭০ খনৰো অধিক বাহন পাৰ্কিং কৰিব পাৰিব (Market cum underground parking in Jorhat)। ডিব্ৰুগড়ৰ এটিডব্লিউ নামৰ প্ৰতিষ্ঠানটোক এই মহিলা বজাৰখনৰ গৃহৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে । বজাৰগৃহৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি অতি আনন্দিত স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী । আগন্তুক ডেৰ বছৰৰ ভিতৰত বজাৰগৃহটো সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে ।
এই বজাৰখনত কেৱল মহিলাক হে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি জানিবলৈ দিয়ে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে । মহিলাসকলে যাতে ব্যৱসায়ৰ জৰিয়তে সমাজত সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্প হাতত লোৱা হৈছে বুলিও জনায় বিধায়কগৰাকীয়ে । আনহাতে বজাৰখন আৰম্ভ হ'লে মহিলা উদ্যোগীসকলক আগবাঢ়ি আহিবলৈও তেওঁ আহ্বান জনায় । ইফালে পৌৰ নিগমৰ অধীনৰ এই বজাৰগৃহৰ আধাৰশিলা স্থাপন হোৱাৰ লগে লগে যোৰহাটত বিশেষ চৰ্চা আৰম্ভ হৈছে । মহিলা উদ্যোগীসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ শলাগ লৈছে বিভিন্নজনে ।