চুটি ছবি নিৰ্মাণেৰে তেজপুৰৰ প্ৰশান্ত বৰাই স্থানীয় অভিনয় শিল্পীক দিছে প্ৰতিভা বিকাশৰ মঞ্চ - cultural Hub of Assam
🎬 Watch Now: Feature Video
Published : Nov 20, 2023, 7:09 PM IST
তেজপুৰ, ২০ নৱেম্বৰ: ক'ভিড কালৰ মাজতে সাংস্কৃতিক নগৰী তেজপুৰত আৰম্ভ হোৱা এন টি এ চিনেমাই লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ সমাদৰ । শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ মাজগাঁৱৰ এজন সংস্কৃতিৱান ব্যক্তিৰ চিন্তা-চৰ্চাৰে জন্মলাভ কৰা এন টি এ নামৰ ডিজিটেল মঞ্চখনৰ চিনেমাই এতিয়া স্থানীয় যুৱক-যুৱতীৰ কলাসুলভ মনক জাগ্ৰত কৰি তুলিছে ।
দুবছৰত এইজন ব্যক্তিৰ একক প্ৰচেষ্টাৰে ৫০ খন চুটি চিনেমাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । এগৰাকী নাট-ভাওনাৰ অভিনেতা হিচাবে চিনাকি লাভ কৰা প্ৰশান্ত কুমাৰ বৰা পেছাত এগৰাকী গাঁওবুঢ়া ৷ নিজৰ প্ৰচেষ্টাৰ জৰিয়তে তেওঁ স্থানীয় যুৱক-যুৱতীক লৈ আৰম্ভ কৰিছিল প্ৰথমখন ১৯ মিনিটৰ ছবি । ইয়াৰ পিছত ক্ৰমান্বয়ে সুবিধা পালেই তেওঁ প্ৰস্তুত কৰে এখনৰ পিচত আন এখন ছবি ৷ উদেশ্য প্ৰতিভাৱান কলা-কুশলীক কেমেৰাৰ সন্মুখত চিনাকি কৰাই নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰোৱাৰ লগতে টেলিভিছনৰ ধাৰাবাহিক সমূহত অভিনয় কৰাৰ সুযোগ দিয়া ৷
মাত্ৰ এটা দিনতে এখন ছবিৰ নিৰ্মাণ সম্পূৰ্ণ কৰাটো কিদৰে সম্ভৱ ? নতুনকৈ কি প্ৰকল্প হাতত লৈছে তেওঁ সকলো সামৰি প্ৰশান্ত কুমাৰ বৰাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ ৷