Unique marriage at Manikpur: মাণিকপুৰত ম’হৰ গাড়ীত উঠি কইনা আনিবলৈ গ’ল দৰা - ব্যতিক্ৰমী বিবাহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 1, 2023, 1:45 PM IST

বঙাইগাঁও, 1 মে’: বঙাইগাঁও জিলাৰ মাণিকপুৰৰ এখন ব্যতিক্ৰমী বিবাহ ৷ এই ব্যতিক্ৰমী বিবাহক লৈ মাণিকপুৰত ব্যাপক চৰ্চা ৷ এইবাৰ ম’হৰ গাড়ীত উঠি কইনা আনিবলৈ গ’ল দৰা (Exceptional Marriage at Manikpur in Bongaigaon) ৷

যি সময়ত বিবাহৰ বৰযাত্ৰীৰ বাবে প্ৰায় সকলোৱেই অত্যাধুনিক গাড়ী ব্যৱহাৰ কৰে তেনেসময়তে মাণিকপুৰৰ ভাটিপাৰাত বৰযাত্ৰীৰ বাবে ম’হৰ গাড়ী ব্যৱহাৰ বিবাহ অনুষ্ঠানটোৰ এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে ৷ ভাটিপাৰাৰ ইমৰান আলী নামৰ ভাৰতীয় সেনাত কৰ্মৰত যুৱকজনে কইনা ছাবিনা আখতাৰাক নিবলৈ কইনাৰ ঘৰলৈ আহিল ম'হৰ গাড়ীত (Unique marriage in Manikpur) ৷  

পুৰণি সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰাৰ বাবে এনে গাড়ী ব্যৱহাৰ কৰা বুলি উল্লেখ কৰে দৰাই ৷ আনহাতে পেট্ৰ’ল ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধি আৰু অত্যাধিক গাড়ী ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষনৰ বাবে যাতে সকলোৱে সজাগ হয় তাৰ বাবে এনে পদক্ষেপ লোৱা বুলি অভিভাৱকে উল্লেখ কৰে ৷ 

লগতে পঢ়ক: Veerangana Mulagavaru Award: লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ’ল বীৰাংগনা মূলাগাভৰু বঁটা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.