Eviction in Morigaon:স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ মাটিত সাজিছিল সপোনৰ অবৈধ ঘৰ - আয়ুক্ত দেৱাশীষ শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:36 PM IST

মৰিগাঁও, 14 নৱেম্বৰ : মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লেংৰিবৰীত চলিল বুলড’জাৰ । পাঁচটাকৈ বেদখলকাৰী পৰিয়ালৰ ঘৰ উচ্ছেদ । মঙলবাৰে পুৱাৰ ভাগতে মৈৰাবাৰীৰ অন্তৰ্গত লেংৰিবৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ মাটি বেদখল কৰি থকা পাঁচটা গৃহ উচ্ছেদ কৰে প্ৰশাসনে । উল্লেখ্য যে, এই স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদৰ ৱাল নিৰ্মাণৰ বাবে আৱন্টিত হৈছিল ধন । কিন্তু বেদখলকাৰীসকলে চৌহদৰ ৱাল নিৰ্মাণৰ কামত বাধা প্ৰদান কৰে ।

প্ৰায় চাৰি মাহ অতিক্ৰম কৰাৰ পাচতো বেদখলকাৰীসকলে নিৰ্মাণ কৰিবলৈ নিদিলে চৌহদৰ ৱাল । অৱশেষত পঞ্চায়ত সভাপতিগৰাকীয়ে মৰিগাঁও জিলা আয়ুক্তৰ ওচৰত অভিযোগ কৰাত আয়ুক্ত দেৱাশীষ শৰ্মাই বেদখলকাৰীসকলক ১৫ দিনৰ সময় নিৰ্ধাৰণ কৰি দিয়ে । কিন্তু বেদখলকাৰীসকলে কোনো কাণসাৰ নিদিলে । যাৰ ফলত 14 নৱেম্বৰৰ দিনা জিলা প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিবলৈ বাধ্য হয় ।

লেংৰিবৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ নামত থকা এই পাঁচ বিঘা মাটিত দীৰ্ঘদিন ধৰি অবৈধভাৱে বসতি কৰি আছিল পাঁচটা পৰিয়ালে । জিলা প্ৰশাসনৰ মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত দ্ৰুতিবা বৰা, লাহৰিঘাট ৰাজহ চক্ৰ বিষয়া বিকাশ ছেত্ৰী, মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ উপস্থিতিত চলে এই উচ্ছেদ অভিযান । অভিযান কালত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই । ৰাইজে উক্ত উচ্ছেদ অভিযানক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল ।

লগতে পঢ়ক : Public Protest at Chachal: দীপাৱলীৰ বন্তি জ্বলাই শিলসাঁকোৰ উচ্ছেদিতই কামনা কৰিলে চৰকাৰৰ সুমতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.