বুলড’জাৰৰ কোবত থানবান অবৈধভাৱে নিৰ্মিত গীৰ্জা - Dhemaji news
🎬 Watch Now: Feature Video


Published : Jan 3, 2024, 6:59 PM IST
ধেমাজি, 3 জানুৱাৰী: গীৰ্জাত বুলড’জাৰৰ প্ৰচণ্ড কোব ৷ মুহূৰ্ততে ভাঙি চূৰমাৰ কৰি দিয়া হ’ল এটা গীৰ্জা ৷ ধেমাজিত গীৰ্জাত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ধেমাজিৰ 2 নং ভৰালীচুকত চলিল এই অভিযান ৷ ধেমাজি জিলা বৃদ্ধ পেন্সন কল্যাণ সমিতিৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে আৱন্টিত দুই কঠা ভূমিত অবৈধভাৱে সজা হৈছিল অস্থায়ী গীৰ্জাটো ৷ এই বিষয়ে ধেমাজি জিলা প্ৰশাসনৰ লগতে সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকো অৱগত কৰিছিল জিলা বৃদ্ধ পেন্সন কল্যাণ সমিতিৰ বিষয়ববীয়াসকলে ৷
প্ৰাপ্ত তথ্য অনুসৰি, লক্ ডাউনৰ সময়ৰ পৰাই একাংশ অজ্ঞাত লোকে ভূমি বেদখলৰ চেষ্টা চলাই আহিছিল সেই স্থানত ৷ অৱশেষত একাংশ লোকে নীতিবৰ্হিভূতভাৱে নিৰ্মাণ কৰে এই গীৰ্জাটো ৷ কিন্তু জিলা বৃদ্ধ পেন্সন কল্যাণ সমিতিৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে বুধবাৰে গীৰ্জাটো উচ্ছেদ কৰে ৷
লগতে পঢ়ক: আলফা-চৰকাৰৰ শান্তিচুক্তিত লাভান্বিত হ’ল ড৹ শৰ্মা: উপমন্যু হাজৰিকা