Silsako Evicted people protest : ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ দাবীত চচলত শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ - অব্যাহত আছে উচ্ছেদিতৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:39 PM IST

গুৱাহাটী, ৩ অক্টোবৰ : ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকো পাৰত অব্যাহত আছে উচ্ছেদিতৰ প্ৰতিবাদ । মঙলবাৰে মহানগৰীৰ চচলৰ চৰকাৰৰ নিৰ্ধাৰিত ধৰ্ণা স্থলীত ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ দাবীত শতাধিক উচ্ছেদিতই এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা উচ্ছেদিত লোকসকলে বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰাৰ লগতে থলুৱাৰ ক্ষেত্ৰত চৰকাৰ কিয় গৰম আৰু পুঁজিপতিৰ ক্ষেত্ৰত কিয় নৰম বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

লগতে মুখ্যমন্ত্ৰীৰ পত্নীলৈ শ শ বিঘা মাটি আৰু থলুৱালৈ এক কঠাও নাই কিয়, আমাক পুনৰ সংস্থাপন দিব নোৱাৰিলে আমাৰ ঘৰ ভেঁটি ঘূৰাই দিয়ক, পুঁজিপতিক শ শ বিঘা মাটি দিয়া চৰকাৰে কিয় আমাক একঠা মাটি দিব নোৱাৰে আদি বিভিন্ন শ্ল’গানৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে উচ্ছেদিত লোকসকলে । আনকি মঙলবাৰে ৰূপায়ণ কৰা এই প্রতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ৷

শিলসাঁকো পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ নেত্ৰী গায়েত্ৰী বৰি, নেইনা বেগম, ইন্দুমণি বৰাই কয় যে জাতি-মাটি-ভেঁটিৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত গুৱাহাটীৰ শিলসাঁকোৰ পাৰত বসবাস কৰা থলুৱা লোকসকল উচ্ছেদ হ’বলগীয়া হ’ল । কিন্তু বান মুক্ত গুৱাহাটীৰ শ্ল’গান দিয়া চৰকাৰখনৰ দিনত আজি শিলসাঁকোত পানী যোৱাত বাধা দি থকা পুঁজিপতিসকলৰ গগনচুম্বী অট্টালিকাত চৰকাৰী উচ্ছেদ অভিযানে ঢুকি পোৱা নাই কিয় বুলিও প্ৰশ্ন কৰে ।

লগতে পঢ়ক : Protest in Guwahati : জাতি-মাটি-ভেঁটি মানে মামা-মামী-মাটি নেকি ; শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.