Erosion of Brahmaputra river: ধেমাজিৰ মাজৰবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 16, 2023, 3:56 PM IST

জোনাই, 16 জুন: ধেমাজি জিলাৰ মাজৰবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া ৷ হাজাৰ হাজাৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ লগতে কেইবাখনো গাঁও ইতিমধ্যে জাহ গৈছে নদীৰ বুকুত ৷ নদীৰ পাৰৰ লক্ষীপাৰ, জীয়লগুৰি, ছাগলীকটা গাওঁ কেইখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নৈ খনে ৷

নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত এতিয়া অঞ্চলটোত প্ৰতিদিনেই চপৰা - চপৰে খহিছে গৰা ৷ গাঁৱৰ ৰাইজে মিলি বাঁহৰ পাৰ্কো পাইনৰ ব্যৱস্থা কৰিছে যদিও এয়াই যথেষ্ট নহয় ৷ ইতিমধ্যে বালিগাঁও, তিন নলী, 4নং মাজৰবাৰী, 2নং লক্ষীপাৰ আদি কেইবাখনো গাঁৱৰ লগতে শ শ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ কিন্ত এতিয়াও এই বিষয়টোত গুৰুত্ব নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৷

বিগত কেইবাবছৰ ধৰি ব্ৰহ্মপুত্ৰ নদীয়ে অঞ্চলটোত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰাৰ পিছতো আজিকোপতি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত চিন্তিত হৈ পৰিছে নৈপৰীয়া লোকসকল ৷ শীঘ্ৰেই চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি ৰাইজক উপকৃত কৰিবলৈ আহবান জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: Majuli Nimati ferry service : বিপদসংকুলভাৱে 108 এম্বুলেঞ্চৰ যাত্ৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.