Bhuvan Gam anger against Brahmaputra Board: মিছামৰাত খহনীয়া পৰিদৰ্শন ভুৱন গামৰ

By

Published : Aug 8, 2023, 7:32 PM IST

thumbnail

মাজুলী,৮ আগষ্ট: নামনি মাজুলীৰ মিছামৰাত খহনীয়া অঞ্চল পৰিদৰ্শন কৰে মাজুলীৰ বিধায়ক ভুৱন গামে । মিছামৰাত খহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ ক্ষোভ বিধায়ক ভুৱন গামৰ । ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ঠিকাদাৰ মিতাৰালিক লৈ ক্ষোভ বিধায়ক ভুৱন গামৰ । ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উপাধ্যক্ষগৰাকীয়ে আজিৰ পৰা কাম আৰম্ভ কৰিবলৈ দিছিল যদিও আজি পৰ্যন্ত কাম আৰম্ভ নকৰিলে বিভাগে ।  

মাজুলীৰ বিধায়কগৰাকীয়ে কয় যে, SDO আৰু কেইজনমান ইঞ্জিনিয়াৰ মিলি এই খহনীয়া ৰোধৰ কাম তেওঁলোকৰ পচন্দৰ এজন ঠিকাদাৰক হে কৰিবলৈ দিয়ে । যাৰ বাবে খহনীয়া অঞ্চলত খহনীয়া ৰোধৰ কাম অগ্ৰগতি হোৱা নাই । বিধায়কগৰাকীয়ে আজি খহনীয়া অঞ্চল পৰিদৰ্শন কৰিম বুলি জনোৱাৰ পাছতো ম'বাইল অফ কৰি ৰাখিলে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়া অভিযন্তাই ।  

বিভাগৰ পচন্দৰ ঠিকাদাৰ নোপোৱাৰ বাবে মিছামৰা অঞ্চলত খহনীয়া ৰোধৰ কাম আজিও আৰম্ভ নোহোৱা অভিযোগ উত্থাপন বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে কয় যে, মই কোনো কাৰণতে দুই নম্বৰী কাম কাম কৰিবলৈ নিদিওঁ । ব্ৰহ্মপুত্ৰ বোৰ্ডৰ গাফিলটিৰ বাবেই খহনীয়া ৰোধ কৰিব পৰা নাই বুলি মন্তব্য কৰে মাজুলীৰ বিধায়ক ভুৱন গামে ।

লগতে পঢ়ক: Biswanath tragic Story: বিশ্বনাথৰ সুজিতৰ পৰিয়ালে কেতিয়া পাব ন্যায় !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.