Erosion in Bihpuria:বিহপুৰীয়াত উজাগৰী নিশা যাপন নৈপৰীয়া ৰাইজৰ - বিহপুৰীয়াত উজাগৰী নিশা কটাইছে নৈপৰীয়া ৰাইজে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-07-2023/640-480-19082467-thumbnail-16x9-bih.jpg)
বিহপুৰীয়া,24 জুলাই: বানৰ পাচত উত্তৰ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰাখহনীয়া ৷ বিশেষকৈ জিলাখনৰ বিহপুৰীয়াত ডিক্ৰং নৈ লৈছে ভয়ংকৰ ৰূপ ৷ বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ বদতি জামুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং দহঘৰীয়াত ডিক্ৰং নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে ৷ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।
শেহতীয়াকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰা নদীখনৰ খহনীয়াই মধুপুৰ-দহঘৰীয়া সংযোগী বান প্ৰতিৰোধী মথাউৰিটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷ ডিক্ৰং নদীৰ খহনীয়াত জাহ গৈছে শ শ কৃষিভূমি ৷ নদীখনে গতিপথ সলনি কৰাৰ আশংকাত ভুগিছে দহখনকৈ গাঁৱৰ ৰাইজ ৷ আনহাতে শেহতীয়াকৈ অঞ্চলটোত জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ব্যৱস্থা হাতত লৈছে যদিও প্ৰতিৰোধ কৰিব পৰা নাই খহনীয়া ৷ খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক পুনৰ অনুৰোধ কৰিছে নৈপৰীয়া ৰাইজে ৷