টেঙা আৰু ৰোপন শস্যৰ গৱেষণা কেন্দ্ৰত উদ্যমিতা বিকাশ প্ৰশিক্ষণ কৰ্মশালা

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:32 AM IST

thumbnail

তিনিচুকীয়া, 1 ডিচেম্বৰ : টেঙা আৰু ৰোপন শস্যৰ গৱেষণা কেন্দ্ৰত তিনিদিনীয়া উদ্যমিতা বিকাশ প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় বৃহস্পতিবাৰৰে  ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিনিচুকীয়া জিলাৰ গেলাপুখুৰীৰ টেঙা আৰু ৰোপন শস্য গৱেষণা কেন্দ্ৰ, তিনিচুকীয়া আৰু ভাৰত চৰকাৰৰ জৈৱিক প্ৰযুক্তি বিভাগৰ সহযোগত 30 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে তিনিদিনীয়া উদ্যমিতা বিকাশ প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় । 

এই কৰ্মশালাৰ জৰিয়তে তিনিচুকীয়া জিলাৰ টেঙা খেতিয়কসকলক আধুনিক টেঙা খেতিৰ কৃষি প্ৰণালীৰ লগতে টেঙা নাৰ্চাৰীৰ দ্বাৰা উদ্যমিতা বিকাশ বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰা হয় । উক্ত কৰ্মশালাত জিলাখনৰ 40 গৰাকী খেতিয়কে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত মুখ্য বিজ্ঞানী ড° ৰাজ কুমাৰ কাকতি, প্ৰধান বিজ্ঞানী ড° বিজিত কুমাৰ সাউদ, গাঁও প্ৰধান মৃদুপ্ৰৱন বৰা, বিষয়বস্তু বিশেষজ্ঞ ড° শাৰদী বৰুৱা, বিজ্ঞানীদ্বয় ক্ৰমে ড° মনোজ গগৈ  আৰু ড° নিলীম কলিতাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : White revolution: দুগ্ধ উৎপাদনেৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা ৰামলাল মাহাতোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.