Pipli Cheng rescued: জোনাইত চোৰাংকৈ বিক্ৰীৰ বাবে অনা বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ - Channa Bacra

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 24, 2023, 9:42 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

জোনাইত বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ(Endangered Pipli Cheng) ৷ বজাৰত বিক্ৰীৰ বাবে অনা সময়তে সচেতন ৰাইজে উদ্ধাৰ কৰে পিপলি চেং(Pipli Cheng) নামৰ বিৰল প্ৰজাতিৰ মাছবিধ ৷ এই মাছবিধৰ বৈজ্ঞানিক নাম Channa Bacra ৷  

উল্লেখ্য যে, ধেমাজি জিলাৰ জৈৱ বৈচিত্ৰৰ ভঁৰাল বৰ্ষাৰণ্য পবাৰ ভিতৰত পোৱা যায় এইবিধ বিলৰ প্ৰজাতিৰ মাছ ৷ কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে দীৰ্ঘদিনৰ পৰা এই মাছবিধ ধৰি বিক্ৰী কৰি আহিছে ৷ সোমবাৰে জোনাই দৈনিক বজাৰত পিপলি চেং প্ৰজাতিৰ মাছবিধ চোৰাংকৈ বিক্ৰীৰ বাবে অনাৰ সময়তে উদ্ধাৰ কৰে একাংশ লোকে(Pipli Cheng rescued in Jonai) ৷  

অসমৰ বিভিন্ন অঞ্চলৰ বনাঞ্চলসমূহত থকা বিলসমূহৰ পৰা এইবিধ মাছ ধৰি আনি আন্তঃৰাষ্ট্ৰীয় বজাৰতো বিক্ৰী কৰি আহিছে একাংশ দুষ্কৃতিকাৰীয়ে ৷ কিয়নো আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবিধ মাছৰ চাহিদা অতি বেছি ৷ অৱশ্যে, সম্প্ৰতি বিলুপ্তিৰ দিশলৈ গতি কৰিছে মাছবিধ ৷  ইফালে ৰাজ্যৰ বিভিন্ন স্থানতো সময়ে সময়ে এইবিধ মাছ জব্দ কৰি অহাৰ লগতে আটক কৰি অহা হৈছে ব্যৱসায়ীক ৷ 

মন কৰিবলগীয়া যে, পবা বৰ্ষাৰণ্যত এটা সময়ত বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছিল যদিও কিছু দুষ্কৃতিকাৰীয়ে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডসমূহ সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত চোৰাংকৈ বিক্ৰী কৰি তহিলং কৰে ৷ সেয়েহে বৰ্তমান পিপলি চেং নামৰ এই মাছবিধ সংৰক্ষণৰ বাবে বন বিভাগক দাবী জনাইছে সচেতন ৰাইজে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.