Tea Garden land encroachment: তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাত ভূ-মাফিয়াৰ দপদপনি

By

Published : Jan 21, 2023, 3:48 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলাৰ শুকানপুখুৰী চাহ বাগিচাৰ ম্যাদী মাটিত চলিছে অবাধ বেদখল(Encroachment in Hukanpukhuri Tea Estate) ৷ বাগিচাখনৰ টি-ম্যাদী মাটি এটা দালাল চক্ৰই(Land Mafia) চৰকাৰী বিষয়াৰে মিলিত হৈ বিক্ৰী কৰিছে বিভিন্ন ব্যক্তি কিম্বা প্ৰতিষ্ঠানক ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ(Assam Chah Mazdoor Sangha) সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, চাহ বাগিচাৰ মাতি নীতিবৰ্হিভূত ভাৱে বিক্ৰী কৰা সকল কোন কোন ?

তিনিচুকীয়া জিলাৰ শুকানপুখুৰী চাহ বাগিচা(Hukanpukhuri Tea Estate Tinsukia) ব্ৰিটিছ শাসনকালৰে পৰা চলি অহা এখন অতি পুৰণি চাহ বাগিচা ৷ যিখন চাহ বাগিচাত হেজাৰ-হেজাৰ শ্ৰমিকে কাম কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে ৷ কিন্তু এইখন ঐতিহাসিক চাহ বাগিচা এতিয়া ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে ৷ বাগিচাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা টি-ম্যাদী ভূমিত গঢ়ি উঠিছে বাসস্থান ৷ ফলত পুৰণি চাহ বাগিচাখনৰ লগতে চাহ শ্ৰমিকসকলৰ বাবে ভাবুকি আহি পৰিছে ৷

উল্লেখ্য যে, এক বিবৃতিযোগে শুকানপুখুৰী চাহ বাগিচাৰ টি-ম্যাদী মাটি বিজেপি চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত একাংশ দালালে কম কমকৈ বিভিন্ন ব্যক্তিক বিক্ৰী কৰি দিয়াৰ গুৰুতৰ অভিযাগ উত্থাপন কৰিছে প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে(Former MLA Raju Shahu) ৷ বহিৰাগত লোককো বাগিচাৰ ভূমি বিক্ৰী দিয়া হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন বিধায়কগৰাকীয়ে  ৷  

কেৱল ইমানেই নহয়, প্ৰশাসনৰ চকুৰ সন্মুখতে সকলো হৈ থকাৰ পিছতো কোনো ব্যৱস্থা কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাজু চাহুৱে ৷ এনে কাৰ্যই চাহ শ্ৰমিকসকলৰ(Tea garden worker) জীৱন বিপদাপন্ন কৰি তুলিব বুলিও আশংকা ব্যক্তি কৰিছে তেওঁ ৷  

প্ৰাক্তন বিধায়কগৰাকীয়ে লগতে কয় , ‘‘বাগিচাৰ টি-ম্যাদী মাটি কেতিয়াও কোনো ব্যক্তি বা প্ৰতিষ্ঠানক বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰা নহয় ৷ কিন্তু কোনে, কি স্বাৰ্থত বাগিচাৰ ভূমি বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে সেয়া সাধাৰণ ৰাইজৰ অগোচৰ ৷’’ 

মুখ্যমন্ত্ৰীক জিলা প্ৰশাসনৰ জড়িয়তে এই বিষয় সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি থকা হৈছে বুলি এক বিবৃতিত উল্লেখ কৰি তেওঁ কয় যে, কেনেকৈ, কাৰ অনুমতিত বাগিচাৰ মাটি বিক্ৰী হৈ আছে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে ৷  এইক্ষেত্ৰত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰো(Minister Sanjay Kishan) স্থিতি কি হ’ব সেয়া লক্ষণীয়া হ’ব ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.