Employees dissent over work: স্বাধীনতা দিৱসতো কৰ্মৰত বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী - Independence day 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 15, 2023, 8:43 PM IST

জোনাই,১৫ আগষ্ট: সমগ্ৰ দেশ তথা ৰাজ্যতে উলহ-মালহৰে উদযাপন কৰা হৈছে ৭৭ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস । সমগ্ৰ দেশবাসীয়ে স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে এটা বে-চৰকাৰী কাৰ্যালয়ৰ কৰ্তৃপক্ষই কৰ্মচাৰীসকলক বলপূৰ্বকভাৱে কাৰ্যালয়ত কাম-কাজ কৰিবলৈ নিৰ্দেশ দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ।  

অৰুণাচল প্ৰদেশৰ ৰুকচিনস্থিত বিত্তীয় প্ৰতিষ্ঠানটোৰ উচ্চপদস্থ বিষয়াই নামানে দেশৰ স্বাধীনতা দিৱস অথবা নাজানে স্বাধীনতা দিৱস মানে কি ? স্বাধীনতা দিৱস উদযাপনৰ দিন বাবে আজি সমগ্ৰ দেশতে সকলো চৰকাৰী তথা বেচৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ দিন ঘোষণা কৰা হৈছে । কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ৰুকচিনস্থিত ফাইনেন্স কোম্পানীটোৰ কাৰ্যালয়ত । এই ক্ষেত্ৰত অভিযোগমতে মঙলবাৰে কৰ্মচাৰীসকলে উচ্চপদস্থ বিষয়াৰ পৰা ছুটী বিছাৰিছিল যদিও বলপূৰ্বকভাৱে সকলো কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে বিভাগটোৰ উচ্চ পদস্থ বিষয়াই ।

লগতে পঢ়ক: New song released: কেলেংকাৰীত অভিযুক্তৰ মুখত দেশপ্ৰেমমূলক গীত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.