Emergency mobile van in Nalbari: টিহুত ভ্ৰাম্যমাণ পশুধনৰ জৰুৰীকালীন মোবাইল ভান মুকলি - Emergency service of livestock

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 16, 2023, 4:00 PM IST

নলবাৰী, ১৬ আগষ্ট: ভাৰত চৰকাৰৰ অধীনত পশুধন সাৰথি নামেৰে এতিয়াৰে পৰা পশু পালকসকলে লাভ কৰিব ভ্ৰাম্যমাণ পশু সাৰথি নামৰ জৰুৰীকালীন চিকিৎসা সেৱা । চৰকাৰে প্ৰতিখন জিলাৰ পশু চিকিৎসালয়ৰ লগতে ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱাৰ মোবাইল ভান আগবঢ়াইছে । নলবাৰী জিলাৰ লগতে সদ্য গঠিত টিহু বিধানসভা সমষ্টিৰ টিহুৰ ভণ্ডোৰাম পশু চিকিৎসালয়ত এতিয়াৰে পৰা উপলব্ধ হ'ব এই জৰুৰীকালীন মোবাইল পশু চিকিৎসা সেৱা ।  

ইয়াৰ জৰিয়তে পোহনীয়া গৰু, ছাগলী,গাহৰী আদি জন্তুৰ বেমাৰ হোৱাৰ লগতে প্ৰসৱ আদিৰ সময়ত জনসাধাৰণে ১৯৬২ টোল ফ্ৰী নম্বৰ ডাইল কৰি এই সেৱা লাভ কৰিব পাৰিব বুলি সদৰী কৰিছে টিহুৰ পশু চিকিৎসালয়ৰ পশু বিশেষজ্ঞ ডাঃ বিচিত্ৰ হালৈয়ে । তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰি উক্ত চিকিৎসা সেৱা গ্ৰহণ কৰি গ্ৰাম্য অঞ্চলৰ পশুপালকসকল বিশেষভাৱে উপকৃত হ'ব বুলি মন্তব্য় কৰে ।

লগতে পঢ়ক:Dilapidated Road at Amguri: আমগুৰিত বিধ্বস্ত পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.