গোলাঘাটৰ বৃহত্তৰ মৰঙিত বন্যহস্তীৰ তাণ্ডৱত শংকিত ৰাইজ - বন্যহস্তীৰ তাণ্ডৱ
🎬 Watch Now: Feature Video
Published : Dec 1, 2023, 11:28 AM IST
গোলাঘাট, 1 ডিচেম্বৰ : গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙিত হাতীৰ উপদ্ৰৱ অব্যাহত আছে ৷ নুমলীগড় থানাৰ সন্মুখৰে শোধনাগাৰ জনবহুল এলেকাত বৃহস্পতিবাৰে এটা বন্যহস্তীয়ে মুক্তভাৱে বিচৰণ কৰে ৷ ফলত আতংকত দিন কটাইছে বৃহত্তৰ মৰঙিবাসীয়ে ৷
বৃহস্পতিবাৰে নিশা মৰঙিৰ নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত প্ৰৱেশ কৰাৰ চেষ্টা কৰে বনৰীয়া হাতীটোৱে ৷ লগে লগে আৰক্ষীয়ে হৈ চৈ কৰাত হাতীটো NRLৰ সন্মুখৰ ব্যস্ত পথেৰে গৈ কাষৰ বাগিচালৈ গুচি যায় ৷
ইফালে ধলাগুৰি চাহ বাগিচাৰ পৰজাবস্তি অঞ্চলত এটা বনৰীয়া হাতীৰ জাকে নিশা উপদ্ৰৱ চলাই অতি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ লণ্ড-ভণ্ড কৰি খাদ্য সামগ্ৰীৰ লগতে চোতালত থকা ধান খাই তহিলং কৰে ৷ কথমপি প্ৰাণৰক্ষা কৰি পলায়ন কৰে পৰিয়ালটোৱে ৷ ইয়াকে লৈ অঞ্চলটোৰ ৰাইজে আতংকিত হৈ পৰিছে ৷ বন বিভাগক শিবিৰ পাতি অঞ্চল সমূহত পহৰাৰ ব্যৱস্থাৰ বাবে ৰাইজে দাবী জনাইছে ৷
লগতে পঢ়ক: প্ৰমানপত্ৰ দিলে ঠিকেই, কিন্তু ৰেকৰ্ডৰ বাবে ৰোপণ কৰা গছপুলিবোৰ কেনে আছে ?