Injured Elephant rescued: অৱশেষত বন বিভাগে উদ্ধাৰ কৰিলে তিতাবৰৰ আঘাতপ্ৰাপ্ত হাতীজনী - Injured Elephant rescued
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16616745-thumbnail-3x2-dkvd.jpg)
ৰাইজৰ প্ৰবল দাবীত অৱশেষত বন বিভাগে উদ্ধাৰ কৰিলে যোৰহাটত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতীজনীক (Elephant hit by train in Jorhat) ৷ মঙলবাৰে 20 ঘন্টা পাৰ হোৱাৰ পাছত উদ্ধাৰ হয় এটা নলাত আবদ্ধ হৈ থকা হাতীজনী (Injured elephant rescued in Jorhat)। সোমবাৰে ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আঘাতপ্ৰাপ্ত হাতীজনী মঙলবাৰে বিয়লি ৫ বজাত যোৰহাট পৰা অহা এটা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি মৰিয়নিস্থিত গিবন অভয়াৰণ্যলৈ লৈ যায় । হোলোংপাৰ গিবন অভয়াৰণ্যত(Hoollongapar Gibbon Sanctuary) কাজিৰঙাৰ পৰা অহা এটা চিকিৎসকৰ দলে হাতীজনীক চিকিৎসা প্ৰদান কৰিব বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST