Load shedding at Jonai: উৎকট গৰম; অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ সাধাৰণ জনতা - Power Crisis in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18695844-thumbnail-16x9-jo.jpg)
জোনাই, 7 জুন: উৎকট গৰমে দহিছে ৰাজ্য ৷ গৰমৰ প্ৰকোপত ৰাজ্যত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা ৷ তাৰ মাজতেই বিদ্যুৎৰ লুকা-ভাকুত জ্বলা-কলা খাব লগা হৈছে ৰাজ্যবাসীয়ে ৷ বিদ্যুৎ মাচুলহে পুনৰ বৃদ্ধি হ’ল ৷ কিন্ত আজিও ৰাজ্যত নিয়মীয়া নহ’ল বিদ্যুৎ যোগান (Power Crisis in Assam) ৷
উৎকট গৰমৰ মাজতেই কেবাদিনো ধৰি জোনাইত অনিয়মীয়া বিদ্যুৎ যোগানে অতিষ্ঠ কৰিছে ৰাইজক ৷ কিঞ্চিত সময়ৰ বাবে বিদ্যুত যোগান থাকে যদিও নাথাকে ভল্টেজ (Voltage) ৷ নজ্বলে লাইট, নুঘূৰে ফেন ৷ ফলত উৎকট গৰমত বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ সেয়ে ৰাইজে ভল্টেজসহ নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে (Electricity scarcity at Jonai) ৷
আনহাতে জোনাই সদৰৰ দৈনিক বজাৰৰ কাৰ পাৰ্কিঙত প্ৰায় দুবছৰ আগতে কেবাটাও উচ্চ ক্ষমতাসম্পন্ন লাইট স্থাপন কৰা হৈছিল যদিও আজি পৰ্যন্ত বিদ্যুৎ সংযোগ ন’হল ৷ ফলত সমগ্ৰ জোনাই বজাৰ নিশা এন্ধাৰত ডুব গৈ থাকে ৷ যাৰ বাবে বজাৰত কেইবাবাৰো চোৰে উপদ্ৰৱ চলাইছে (Load shedding at Jonai) ৷
যি সময়ত অসম বিধানসভাৰ অধ্যক্ষই বিদ্যুতৰ নাটনিৰ বাবে গছৰ তলত বহিবলৈ পৰামৰ্শ আগবঢ়াইছে তেনে সময়তে সাধাৰণ ৰাইজৰ প্ৰশ্ন, এচি ৰুমত থকা মন্ত্ৰী - বিধায়কে কেনেকৈ বুজিব এই প্ৰচণ্ড গৰমত বিদ্যুৎ অবিহনে দিন অতিবাহিত কৰা সাধাৰণ প্ৰজাৰ কথা (APDCL Office at Jonai) ৷
লগতে পঢ়ক: Power Crisis in Assam : সামান্য বিদ্যুৎ উৎপাদন অসমৰ, কিনিছে চৰা দামত বিদুৎ