thumbnail

By

Published : Jun 12, 2023, 4:52 PM IST

ETV Bharat / Videos

APDCL electricity bill: মূৰে কঁপালে হাত দিছে গ্ৰাহকে, 1 লাখ 14 হাজাৰ 632 টকা বিদ্যুতৰ বিল

শিৱসাগৰ, 12 জুন : ৰাজ্যজুৰি বিদ্যুতৰ বিলে চমক দেখুৱাইছে ৰাজ্যবাসীক ৷ এইবাৰ শিৱসাগৰত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড ৷ শিৱসাগৰত বিদ্যুৎ মাচুলৰ নামত ৰামটাঙোন সোধাইছে গ্ৰাহকক ৷ শিৱসাগৰৰ ধাই আলি নিবাসী এগৰাকী গ্ৰাহকৰ লগত ঘটিছে এই আজৱ ঘটনা ৷ 

জালালুদ্দিন আহমেদ নামৰ গ্ৰাহকজনৰ ঘৰৰ 192000004652 কনজিউমাৰ নম্বৰৰ বিপৰীতে মে’ মাহৰ বিদ্যুৎ বিল আহিছে 1 লাখ 14  হাজাৰ 632 টকা ৷ 1 মে’ 2023 তাৰিখৰ পৰা 31 মে 2023 তাৰিখলৈকে বিদ্যুৎ সেৱা লাভৰ বিপৰীতে APDCLয়ে প্ৰেৰণ কৰিছে এই বিল৷ এমাহত এই বৃহৎ অংকৰ বিল প্ৰত্যক্ষ কৰি মূৰে কঁপালে হাত দিছে গ্ৰাহকজনে ৷  

উল্লেখযোগ্য যে, অহা 13 জুনত হজ যাত্ৰালৈ সাজু হোৱা জালালুদ্দিন আহমেদে এই বিল লাভ কৰি এতিয়া বিপাঙত পৰিছে ৷ উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীক এই বিষয়ে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে জালালুদ্দিন আহমেদে ৷ 

লগতে পঢ়ক: Dug holes in guwahati: APDCLয়ে গাত খান্দি ছিঙিলে টেলিকম বিভাগৰ তাঁৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.