মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত বিজয় উল্লাস - মাজুলীত বিজেপিৰ বিজয় উল্লাস
🎬 Watch Now: Feature Video


Published : Dec 3, 2023, 5:56 PM IST
মাজুলী, ৩ ডিচেম্বৰ: দেশৰ চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত । বিজেপিয়ে আশা কৰা ধৰণেই এই চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তিনিখনত সফলতা লাভ কৰিছে । তিনি ৰাজ্যত বিজেপিৰ বৃহৎ জয়লাভৰ পাছতে মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰা হয় । জিলা বিজেপিৰ কাৰ্যালয়ত ফটকা ফুটাই মাজুলী জিলাৰ বিজেপি কর্মীসকলে নাচি-বাগি বিজয় উৎসৱ পালন কৰে ।
মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেন শইকীয়াৰ নেতৃত্বত বিজেপি কর্মীসকলে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত । মাজুলী জিলা বিজেপিৰ সভাপতি গৰাকীয়ে এই বিজয় সন্দৰ্ভত কয়," আজি ঘোষণা কৰা চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে এটাই প্ৰমাণ কৰিছে যে ভাৰতৰ মানুহে আজিৰ তাৰিখত অকল বিজেপি দলক বিশ্বাসত লৈছে । যাৰ বাবে বিজেপি দলক এই নিৰ্বাচনত জয়ী কৰাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দলে যি বিকাশৰ ধাৰা গঢ়ি তুলিছে সেয়া ভাৰতীয় লোকে বুজি পাইছে ।"
লগতে পঢ়ক:তিনি ৰাজ্যত চৰকাৰ গঠনৰ দিশে বিজেপি; গুৱাহাটীত হৰ্ষোল্লাস দলীয় কৰ্মীৰ