Ek Tarikh Ek Ghanta EK Sath: ডিফুত হাতত ঝাড়ুু লৈ স্বচ্ছ অভিযানত পদ্মশ্ৰী ৰংবং তেৰাং

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 6:30 PM IST

thumbnail

ডিফু, ১ অক্টোবৰ: কাইলৈ ২ অক্টোবৰ ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ উপলক্ষে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযানৰ অংশ স্বৰূপে 'এক তাৰিখ এক ঘণ্টা এক সাথ ' শ্লোগানেৰে ডিফুৰ গান্ধী পাৰ্ক আৰু বেচৰকাৰী বাছ আস্থানত দেওবাৰে চলিল চাফাই অভিযান ৷ 

এই চাফাই অভিযানত অংশগ্ৰহণ কৰে সাহিত্যিক তথা পদ্মশ্ৰী ৰংবং তেৰাং, ধনেশ্বৰ ইংতি, সাংসদ হৰেণছিং বে', জিলা আয়ুক্ত মধুমিতা ভাগৱতী আৰু ২০ বিএন চিআৰপিএফৰ কমাণ্ডেণ্ট স্বৰ্ণ সিং আদিয়ে ৷ ডিফু মিউনিচিপালটি বোৰ্ডৰ অধীনস্থ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ, স্থানীয় ৰাইজ, আত্মসহায়ক গোটেও এই চাফাই অভিযানত অংশগ্ৰহণ কৰি শ্ৰমদান কৰে ৷

সাংসদ হৰেণছিং বে'ই কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শনৰ বাবে এই স্বচ্ছ অভিযান গ্ৰহণ কৰা হৈছে ৷ এই অনুষ্ঠানত পদ্মশ্ৰী ৰংবং তেৰাঙে কয় যে জাতিৰ পিতালৈ শ্ৰদ্ধা আৰু সন্মান যাচিবলৈ তেওঁ হাতত ঝাড়ুলৈ চাফাই অভিযানত অংশগ্ৰহণ কৰিছে ৷ 

তেওঁ কয় যে মহাত্মা গান্ধীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাক ভাল পাইছিল ৷ নিজৰ ঘৰখনৰ পৰাই ভাৰতবাসীক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল ৷ ১৯৬৯ চনত বাপুজীৰ জন্ম জয়ন্তীৰ শতবৰ্ষত তদানীন্তন কাৰ্বি আংলং জিলা উপায়ুক্তৰ অনুৰোধ মৰ্মে মহাত্মা গান্ধীৰ জীৱনাদৰ্শৰ ওপৰত কাৰ্বি ভাষাত তেওঁ এখন কিতাপ লিখিছিল বুলি ৰংবং তেৰাঙে কয় ।

লগতে পঢ়ক:Assam Meghalaya border tension: লাপাংআপত বাহন আৱদ্ধ কৰি তিনি অসমীয়াক আক্ৰমণ খাছীৰ; এজন নিখোঁজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.